ভাৰত-আমেৰিকাৰ চিন্তা বঢ়াইছে চীনে, প্ৰস্তুত কৰিছে এটা মুহুৰ্ততে বিশ্ব ধ্বংস কৰিব পৰা ৬০০ টা…
চীনৰ সামৰিক শক্তিৰ বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে। এই প্ৰতিবেদনত বহু আচৰিত তথ্য পোহৰলৈ আহিছে। এই তথ্যই কেৱল আমেৰিকাৰেই নহয়, চুবুৰীয়া দেশ ভাৰতৰো চিন্তা বৃদ্ধি কৰিবলৈ গৈ আছে।
দৰাচলতে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে “চিনা গণৰাজ্যৰ সৈতে জড়িত সামৰিক আৰু নিৰাপত্তা উন্নয়ন” প্ৰতিবেদনত উল্লেখ কৰিছে যে চীনে পাৰমাণৱিক বোমাৰ মজুত দ্ৰুতগতিত বৃদ্ধি কৰি আছে। ২০২০ চনৰ তুলনাত ইয়াৰ পাৰমাণৱিক অস্ত্ৰৰ মজুত প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। এই তথ্য ভাৰত আৰু আমেৰিকাৰ বাবে অতিকে চিন্তাৰ বিষয়।
বুধবাৰে ১৮ ডিচেম্বৰত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰিছে যে ২০২৪ চনৰ মাজভাগলৈকে চীনৰ পাৰমাণৱিক বোমাৰ সংখ্যাই ৬০০ অতিক্ৰম কৰাৰ বিপৰীতে ২০৩০ চনৰ শেষলৈকে চীনত ১০০০ৰো অধিক পাৰমাণৱিক বোমা মজুত হ’ব।
এই সপ্তাহত সংবাদ মাধ্যমৰ আগত আমেৰিকাৰ এজন জ্যেষ্ঠ প্ৰতিৰক্ষা বিষয়াই কয় যে ২০৩০ চনৰ ভিতৰত চীনত পিপলছ লিবাৰেচন আৰ্মীৰ হাতত ১০০০ৰো অধিক পাৰমাণৱিক অস্ত্ৰ থাকিব বুলি আশা কৰা হৈছে। বিষয়াগৰাকীয়ে কয় যে চীনেও নিজৰ পাৰমাণৱিক অস্ত্ৰৰ প্ৰকাৰৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ