• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীনক ধাক্কা দিবলৈ ‘প্ৰতিদ্বন্দী’ আৰ্থিক কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা ভাৰতৰ! সন্মতি দিলেও চীনে ৰাখিলে বিশেষ চৰ্ত

চীনক ধাক্কা দিবলৈ ‘প্ৰতিদ্বন্দী’ আৰ্থিক কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা ভাৰতৰ! সন্মতি দিলেও চীনে ৰাখিলে বিশেষ চৰ্ত

3 years ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

28 minutes ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

53 minutes ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

2 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

3 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

3 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

3 hours ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

4 hours ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

4 hours ago
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

5 hours ago
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

5 hours ago
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

5 hours ago
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চীনক ধাক্কা দিবলৈ ‘প্ৰতিদ্বন্দী’ আৰ্থিক কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা ভাৰতৰ! সন্মতি দিলেও চীনে ৰাখিলে বিশেষ চৰ্ত

editor by editor
September 13, 2023
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
চীনক ধাক্কা দিবলৈ ‘প্ৰতিদ্বন্দী’ আৰ্থিক কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা ভাৰতৰ! সন্মতি দিলেও চীনে ৰাখিলে বিশেষ চৰ্ত
0
SHARES
453
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতৰ পৰা পশ্চিম এছিয়া হৈ ইউৰোপ। দীৰ্ঘ অৰ্থনৈতিক কৰিডৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে ৮খন দেশে। G-20 সন্মিলন চলি থকাৰ সময়ত ইতিবাচক দৃষ্টিভংগী ৰাখিছে ৰাষ্ট্ৰনেতাসকলে। ভাৰত, আমেৰিকা, ছৌদি আৰৱ, ইউৰোপীয় ইউনিয়ন, সংযুক্ত আৰৱ, ফ্ৰান্স, জাৰ্মানী, ইটালীৰ মাজত আৰ্থিক কৰিডৰ গঢ়াৰ বাবে সিদ্ধান্ত লোৱা হৈছে G-20 সন্মিলনত। এই সন্মিলনতেই বিশেষ চুক্তিত স্বাক্ষৰ কৰিছে ৮ খন দেশৰ প্ৰতিনিধিয়ে। ভাৰতৰ পৰা পশ্চিং এছিয়া হৈ ইউৰোপ পৰ্যন্ত আৰ্থিক কৰিডৰ তৈয়াৰ হ’লে বাণিজ্যিক ক্ষেত্ৰত বহু সুবিধা হ’ব। ভাৰতে পণ্য আমদানী আৰু ৰপ্তানীৰ ক্ষেত্ৰত নতুন গতি লাভ কৰিব।

প্ৰাথমিক পৰিকল্পনা অনুসৰি এই কৰিডৰে ভাৰতৰ পশ্চিম উপকূল মুম্বাইত বা গুজৰাটৰ বন্দৰৰ পৰা জাহাজৰ পণ্য সংযুক্ত আৰৱলৈ যাব। ছৌদি আৰৱ, জৰ্ডানৰ মাজত ৰে’লপথ হ’ব ইজৰাইললৈ। তাতেই হাইফা বন্দৰৰ পৰা জাহাজৰ পণ্যসমূহ ইটালী আৰি ফ্ৰান্সলৈ যাব। ভাৰত, পশ্চিম এছিয়া, ইউৰোপৰ মাজত আৰ্থিক কৰিডৰে প্ৰায় ৬০০০ কিঃমিঃ পথ সামৰি ল’ব। ইয়াৰ মাধ্যমেৰে কাণ্ডলা আৰু জে এন পি টি বন্দৰৰ পৰা ডুবাইলৈ পণ্য পঠিওৱা হ’ব। কিন্তু এইসমূহৰ মাজত তাৎপৰ্যপূৰ্ণ কথাটো হৈছে ভাৰত-পশ্চিম এছিয়া-ইউৰোপৰ এই আৰ্থিক কৰিডৰক চীনেও সমৰ্থন জনাইছে। আমেৰিকাই চীনৰ শক্তি কমাবলৈকে এই কৰিডৰক সন্মতি প্ৰদান কৰিছিল বুলি বহুতে দাবী কৰিছিল, কিন্তু তাৰমাজত চীনে কিয় এই কৰিডৰক সন্মতি জনাইছে সেই বিষয়টোৱে চিন্তিত কৰিছে এতিয়া বহুজনক।

ভাৰত-পশ্চিম এছিয়া-ইউৰোপ জোৰা যি আৰ্থিক কৰিডৰ নিৰ্মাণৰ বাবে ৮ দেশে স্বাক্ষৰ কৰিছে কৰিছে সেই কৰিডৰৰ প্ৰথম প্ৰতিদ্বন্দি হ’ব চীনৰ বেল্ট এণ্ড ৰোড। এছিয়া, ইউৰোপ, আফ্ৰিকাৰ মাজত বাণিজ্য বিস্তাৰ কৰিবলৈ চীনেও বেল্ট এণ্ড ৰোড কৰিডৰ নিৰ্মাণ কৰিছিল। ২০১৩ চনত চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে এই বেল্ট এণ্ড ৰোডৰ কাম আৰম্ভ কৰিছিল। ইয়াৰ মাজতে দক্ষিণ পূব এছিয়া, উপসাগৰীয় অঞ্চল, আফ্ৰিকা আৰু ইউৰোপৰ সৈতে চীনৰ যোগাযোগ বৃদ্ধি কৰাই আছিল চীনৰ লক্ষ্য। বিগত কেইবা বছৰ ধৰি এই বেল্ট এণ্ড ৰোড ইনিছিয়েটিভত কোটি কোটি ডলাৰ বিনিয়োগ কৰা হৈছে। কিন্তু চীনে সম্প্ৰতি ধাক্কা খাইছে ইউৰোপৰত এখন দেশৰ ওচৰত। কাৰণ ইটালী এই চুক্তিৰ পৰা বাহিৰ হৈছে।

ইটালী চৰকাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি চীনৰ বেল্ট এণ্ড ৰোড ইনিছিয়েটিভত তেওঁলোক থাকিব নিবিচাৰে। কাৰণ এই কৰিডৰেৰে ইটালীৰ অৰ্থনৈতিক লাভ একো নহয়। সেয়ে এই চুক্তিৰ পৰা ওলাই আহিছে ইটালী বুলি জনাইছে ইটালী চৰকাৰে। অক্টোবৰত বেল্ট এণ্ড ৰোড ইনিছিয়েটিভৰ পৰবৰ্তী বৈঠক বেইজিঙত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু চীনে এই বৈঠক শেহতীয়াকৈ পিছুৱাই দিছে। ভাৰতত G-20 বৈঠক চলি থকাৰ সময়তে ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে চীনৰ প্রধানমন্ত্ৰীয়ে বিশেষ আলোচনা কৰিছিল। চীনৰ দাবি তেওঁলোকে এই বেল্ট এণ্ড ৰোড ইনিছিয়েটিভত বহু মানুহৰ উপকাৰ হৈছে ১৫০ খনৰো বেছি দেশে ব্যৱসায়িক ক্ষেত্ৰৰে চীনৰ সহযোগী হৈছে। এই সহযোগী সকলো দেশৰেই লাভো হৈছে। বেল্ট এণ্ড ৰোড ইনিছিয়েটিভত ইটালীৰ অসন্তুষৰ মাজত দিল্লীত ৮ দেশে ভাৰত-পশ্চিম এছিয়া-ইউৰোপৰ মাজত আৰ্থিক কৰিডৰ নিৰ্মাণৰ কাম হাতত লোৱাত ইটালীয়েও এই চুক্তিত স্বাক্ষৰ কৰিছে।

চীনৰ হাত এৰি ইটালীয়ে ভাৰতৰ হাতত ধৰাৰ আঁৰত আমেৰিকা নেকি? চীনৰ ৰোষত পৰিব নেকি ইউৰোপৰ দেশসমূহ? G-20 সন্মিলনৰ মাজত ইটালীৰ এই সিদ্ধান্তত চীন কিয় অসন্তুষ্ট হোৱা নাই? বৰং ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে বিষয়টোৰ আলোচনা কৰি সেই বিষয়টো বুজাপৰাৰে সামৰিব খুজিছে চীন চৰকাৰে। এই পৰিস্থিতিত ভাৰত-পশ্চিম এছিয়া-ইউৰোপৰ আৰ্থিক কৰিডৰত সন্মতি দি চীনে সংঘৰ্ষ বিমুখ হিচাপে নিজৰ ভাৱমূৰ্তি তৈয়াৰ কৰিব বিচাৰিছে নেকি? এই বিষয়ে আলোচনা কৰিছে আন্তৰ্জাতিক পৰ্যবেক্ষকসকলে। কিন্তু ভাৰত-পশ্চিম এছিয়া-ইউৰোপৰ মাজত নিৰ্মাণ হ’বলগীয়া কৰিডৰত স্বাগত জনাই এটা চৰ্তও ৰাখিছে চীনে। তেওঁলোকে জনাইছে যে এই উদ্যোগক চীনে তেতিয়ালৈকেহে সমৰ্থন কৰিব যেতিয়ালৈকে এই কৰিডৰ নিৰপেক্ষ হৈ থাকিব।

ভাৰত-পশ্চিম এছিয়া-ইউৰোপৰ আৰ্থিক কৰিডৰক যদি ভৱিষ্যতে ভূ-ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয় তেন্তে চীনে তেওঁলোকৰ সমৰ্থন উঠাই ল’ব বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে। এই বিষয়টোক লৈ চীনৰ বৈদেশিক মন্ত্ৰণালয়ে দিয়া ভাষ্যত একপ্ৰকাৰ হুমকিও লুকাই আছে। চীনৰ বিদেশ মন্ত্ৰণালয়ে সংবাদসংস্থা পিটিআইক জনোৱামতে ভাৰত-পশ্চিম এছিয়া-ইউৰোপৰ আৰ্থিক কৰিডৰক কেন্দ্ৰ কৰি বিভিন্ন উদ্যোগ স্থাপন হ’ব যে সেয়া ধুৰূপ কিন্তু তাৰবাবে প্ৰত্যেকখন দেশৰ মাজতেই সমম্বয় থকাটো অতি জৰুৰী।

মোদী চৰকাৰৰ মন্তব্য অনুসৰি G-20 সন্মিলনৰ পৰা ভাৰতে লাভ কৰা সৰ্ববৃহৎ উপহাৰটো হৈছে এই কৰিডৰ। ইয়াৰ সুবাদতে দেশৰ পণ্য পশ্চিম এছিয়া হৈ ইউৰোপলৈ যাব। খৰচ কমিব ইউৰোপ, পশ্চিম এছিয়াৰ পৰা পৰা আমদানি হোৱা সামগ্ৰীৰো। নতুন দিল্লীৰ মূল লক্ষ্যই হৈছে ইউৰোপৰ বজাৰ। ফ্ৰান্স, জাৰ্মানী, ইটালীৰ পাছত আগন্তুক দিনত গ্ৰীচো সংযুক্ত হ’ব পাৰে। প্রধানমন্ত্ৰী মোদীয়ে মাজতে গ্ৰীচ ভ্ৰমণো কৰি আহিছে। গ্ৰীচৰ বন্দৰসমূহো এতিয়া ভাৰতৰ নজৰত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

May 13, 2026
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই
জীৱনশৈলী

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

May 13, 2026
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?
জীৱনশৈলী

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

May 13, 2026
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক
জীৱনশৈলী

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

May 13, 2026
Next Post
আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

এমাহ সাৱধানে থাকক ৪ ৰাশিৰ জাতক! কন্যাত সূৰ্যৰ ভ্ৰমণে কেৰিয়াৰ আৰু ব্যৱসায়ত বঢ়াব সমস্যা

এমাহ সাৱধানে থাকক ৪ ৰাশিৰ জাতক! কন্যাত সূৰ্যৰ ভ্ৰমণে কেৰিয়াৰ আৰু ব্যৱসায়ত বঢ়াব সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.