অসম লাইভ২৪ঃ চীনৰ বিৰুদ্ধে আকৌ এবাৰ কঠোৰ হৈছে ভাৰত চৰকাৰ৷ ভাৰত চৰকাৰে চীনৰ প্ৰায় ২৩২ টা এপ নিষিদ্ধ কৰিছে৷ চীনৰ ১৩৮ টা বেটিং এপ নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে৷ ইয়াৰোপৰি ৯৪ টা ঋণ প্ৰদান কৰা এপো নিষিদ্ধ কৰা হৈছে৷ গৃহ মন্ত্ৰণালয়ৰ পৰামৰ্শ অনুযায়ী ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জৰুৰীকালীন ভিত্তিত ১৩৮ টা বেটিং চীনা এপ আৰু ৯৪ টা ঋণ এপ সম্পূৰ্ণৰূপেই নিষিদ্ধ হ’ব দেশত৷
ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে দিয়া প্ৰতিবেদনমতে সকলো চীনা এপে তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৯ উলংঘন কৰিছে। এপসমূহ ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি৷ বহুলোকেই এই এপ ব্যৱহাৰ কৰি হাৰাশাস্তিৰো সন্মুখীন হৈছে বহুলোক৷ বহুলোকে ধনো হেৰুওৱা বুলি অভিযোগ অনাৰ পাছতেই চৰকাৰে এই এপ বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
গৃহ মন্ত্ৰালয়ে প্ৰায় ৬ মাহ পূৰ্বে ২৮ টা চীনা ঋণ দিয়া এপৰ ওপৰত নজৰ দি আছিল৷ তেতিয়া এই তথ্য লাভ কৰিছিল যে ৯৪ টা এনে এপ আছে যিয়ে ঋণ দিয়ে। ইয়াৰে কিছুমান এপ ই-ষ্ট’ৰত উপলব্ধ আছিল আৰু কিছুমানে তৃতীয় পক্ষৰ জৰিয়তে কাম কৰি আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ