অসম লাইভ২৪ঃ ‘প্ৰতিটো বৃহৎ ভূমিকম্পৰ ফলত পুনৰ নিৰ্মাণৰ সৃষ্টি হয়। ভৱিষ্যতৰ বাবে আমি কি নিৰ্মাণ কৰিম সেইটো নিৰ্ণয় কৰাটো আমাৰ ওপৰত।’ ৰাজ্যত চলি থকা বাল্য বিবাহ বিৰোধী অভিযানক লৈ বহুসংখ্যকেই আপত্তি দৰ্শাই থকাৰ সময়তে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে কৰিছে এই বিশেষ টুইটতো৷
বিগত দুটা দিনতেই ৰাজ্যত গ্ৰেপ্তাৰ হৈছে ২০০০ ৰো অধিক বাল্যবিবাহ কৰা স্বামী৷ একাংশই জামিন পালেও বহুতকেই কাৰাগাৰলৈ প্ৰেৰণ কৰিব বুলি জনাইছে আৰক্ষী সূত্ৰই৷ বাল্য বিবাহ কৰা কোনো ব্যক্তিকেই হাৰি যাবলৈ দিয়া নহ’ব বুলিও জনোৱা হৈছে৷ ইপিনে কালিৰ দিনটোতে বহু মহিলাই কোলাত সন্তান লৈ ঘেৰাও কৰিছে এখনৰ পাছত আনখন থানা৷ অৰুণোদয় আঁচনি নালাগে, চাউলো নালাগে স্বামীকহে ঘূৰাই লাগে বুলি প্ৰকাশ কৰিছে আন্দোলনকাৰী মহিলাসকলে৷ মুখ্যমন্ত্ৰীয়েও এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘কোলাত কেচুৱা লৈ আহি প্ৰতিবাদ কৰিলেই চিম্পেথি দিয়াৰ প্ৰযোজন নাই৷ বাল্য বিবাহ ৰাজ্যত বন্ধ হ’ব লাগিবই৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ