চীনে ভাৰতৰ সামৰিক তথ্য সংগ্ৰহৰ এক ভয়ংকৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে৷ প্ৰকাশিত তথ্যৰ মতে চীনা সেনাই লাডাখ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি)ত ভাৰতৰ সামৰিক তথ্য সংগ্ৰহৰ বাবে হিন্দী ভাষা জনা যুৱকসকলক নিয়োগ কৰি আহিছে।
সূত্ৰৰ মতে শেহতীয়াকৈ চীনা পিপলছ লিবাৰেচন আৰ্মীৰ (পিএলএ) ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডে দেশখনৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ নতুন ডিগ্ৰী ধাৰীসকলক হিন্দী দোভাষী হিচাপে নিযুক্তি দিয়াৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছে।
চোৰাংচোৱা সূত্ৰৰ মতে, চীনা সেনাই যোৱা দুমাহ ধৰি চীনৰ বিভিন্ন শিক্ষানুষ্ঠানত হিন্দী দোভাষী নিয়োগৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডৰ অধীনৰ জিনজিয়াং সামৰিক জিলাই জুনৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সাজু হৈছে।
লগতে পঢ়ক সুৰাত মগন নিচাগ্ৰস্ত চালক; ঘণ্টা ঘণ্টা ধৰি ৰৈ থাকিল যাত্ৰীবাহী ৰে’ল, ক’ত?
ভাৰতীয় সেনাৰ মতে চীন অধিকৃত তিব্বতৰ এলএচিত গোপন তথ্য সংগ্ৰহ কৰিবলৈ চীনে এই যুৱকসকলক চীনা সেনাত নিয়োগ কৰা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
স্মৰ্তব্য যে গালৱানৰ ঘটনাৰ পিছত চীনে তিব্বতী যুৱক-যুৱতীসকলক পিএলএত নিয়োগ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।লাডাখৰ দূৰৱৰ্তী অঞ্চলৰ সৈতে পৰিচিত এই যুৱকসকলক ভাৰতীয় সেনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা বাবেই তেওঁলোকক নিয়োগ কৰা হৈছে।
ইয়াৰ উপৰিও, তিব্বতত চীনা আগ্ৰাসন ‘বিৰোধী’ বুলি জনাজাত দালাই লামা আৰু অন্যান্য বৌদ্ধ ধৰ্মীয় নেতাসকলৰ ‘প্ৰভাৱ’ৰ পৰা যুৱসকলক আঁতৰাই নি চীনা কমিউনিষ্ট পাৰ্টিৰ প্ৰতি আকৃষ্ট কৰাও এই প্ৰচেষ্টাৰ এটা কাৰণ বুলি ধাৰণা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ