দক্ষিণৰ তাৰকা অভিনেতা তথা ৰজনীকান্তৰ প্ৰাক্তন জোঁৱাই ধনুষক নিজৰ পুত্ৰ বুলি পুনৰ দাবী কৰিছে এহাল তামিল বৃদ্ধ দম্পতীয়ে৷ এই সংক্ৰান্তীয় এক গোচৰৰ বাবে তাৰকা অভিনেতাগৰাকীক মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তলব কৰিছে৷
উল্লেখ্য যে ২০১৬ চনতে কাথিৰেচন আৰু মীনাক্ষী নামৰ এহাল বৃদ্ধ তামিল দম্পতীয়ে অভিনেতা ধনুষক তেওঁলোকৰ তৃতীয় সন্তান বুলি দাবী কৰি আদালতৰ দ্বাৰস্থ হৈছিল৷ মাদুৰাই জিলাৰ দম্পতীহালে মেলুৰৰ এক আদালত গোচৰ তৰি দাবী কৰিছিল যে ধনুষ তেওঁলোকৰ তৃতীয় সন্তান যিগৰাকীয়ে কিশোৰ অৱস্থাত ঘৰৰ পৰা পলাই গৈছিল৷
লগতে পঢ়ক ‘মোৰ ব্ৰা’কলৈ লৈ মানুহৰ ইমান মূৰৰ বিষ কিয়?’ ধৰ্ষণৰ ভাবুকি পাই অগ্নিবৰ্ষী উৰ্ফি
দম্পতীহালে দাবী কৰা মতে তেওঁলোকে ধনুষক জন্ম দিছিল৷ কিন্তু একাদশ শ্ৰেণীত পঢ়ি থাকোতে অভিয়নৰ প্ৰতি ৰাপ থকা তেওঁলোকৰ কিশোৰ সন্তান ধনুষে ঘৰৰ পলাই গৈছিল৷ তেতিয়াৰে পৰা তেওঁ ঘৰলৈ যোৱা নাই আৰু তেওঁলোকৰ সৈতে কোনো যোগাযোগ কৰা নাই৷
বৃদ্ধ দম্পতীহালে তেওঁলোকৰ তৃতীয় সন্তানক বহু বিচাৰ খোচাৰ কৰাৰ পিছতো সন্ধান লাভ কৰা নাছিল, কিন্তু পৰ্দাত দেখি তেওঁলোকৰ তৃতীয় সন্তানক চিনি পোৱা বুলি দাবী কৰিছিল৷
দম্পতীহালে ধনুষক তৃতীয় সন্তান বুলি দাবী কৰি তেওঁলোকৰ আৰ্থিক অৱস্থা শোচনীয় বুলি কৈ মাহে ৬৫ হাজাৰ টকাকৈ দি থাকিবলৈ আদালতত আবেদন জনাইছিল৷ কিন্তু ২০১৭ত নিম্ন আদালতৰ উক্ত গোচৰটোত ধনুষে জয়ী হোৱাত আদালতে গোচৰটো খাৰিজ কৰে৷
লগতে পঢ়ক Twitter ব্যৱহাৰ কৰিবলৈ ভৰিব লাগিব ধন! কিহৰ ইংগিত দিলে এলন মাস্ক-এ
গোচৰটোত পৰাজয় বৰণ কৰিলেও দম্পতীহালে ধনুষৰ সাক্ষাৎ বিচাৰিছিল যদিও সাক্ষাৎ লাভত ব্যৰ্থ হয়৷ ইফালে গোচৰৰ সংক্ৰান্তত ধনুষৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল যদিও ইয়াৰ কোনো নিৰ্দিষ্ট ফলাফল পোৱা নগ’ল৷
আনহাতে, তামিল ছবি পৰিচালক কস্তুৰী ৰাজা আৰু বিজয়লক্ষ্মীয়ে ধনুষ তেওঁলোকৰ পুত্ৰ বুলি দাবী কৰি আদালতত ধনুষৰ জন্মৰ প্ৰমাণ পত্ৰ দাখিল কৰিছিল৷
কিন্তু বৃদ্ধ দম্পতীয়ে সেই দাবীক মিছা বুলি অভিহিত কৰি এই আইনী যুঁজ মাদ্ৰাজ উচ্চ ন্যায়ালয়লৈ লৈ যায় আৰু ন্যায়ালয়ে এই গোচৰৰ সংক্ৰান্তত দক্ষিণৰ চুপাৰষ্টাৰগৰাকীক তলব কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ