ভাৰতীয় ৰে’ল বিভাগৰ এগৰাকী লোক’ পাইলটৰ কাণ্ডই সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে৷ ৰে’ল ষ্টেচনত যাত্ৰীবাহী ৰে’ল ৰখাই থৈ সুৰাপান কৰি নিচাগ্ৰস্ত হৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ৰে’ল বিভাগৰ এগৰাকী লোক’ পাইলট৷
বিহাৰৰ সমষ্টিপুৰ ৰে’লৱে ষ্টেচনত এই আজৱ ঘটনাটো সংঘটিত হৈছে৷ ঘটনাৰ বিৱৰণীৰ মতে ৰাজধানী এক্সপ্ৰেছৰ ক্ৰছিঙৰ বাবে যাত্ৰীবাহী ৰে’লখন সমষ্টিপুৰৰ হাছানপুৰ ষ্টেচনত ৰখোৱা হৈছিল৷
যথা সময়ত ৰাজধানী এক্সপ্ৰেছখনে হাছানপুৰ ৰে’ল পাৰ হৈ যায় আৰু উক্ত যাত্ৰীবাহী ৰে’লখনৰ বাবে ছিগনেল দিয়াৰ পিছতো লৰচৰ নকৰে৷ সময় অতিক্ৰান্ত কৰি থকাৰ পিছতো ৰে’লখন লৰচৰ কৰাৰ নামেই নলয়৷ যাৰ ফলত যাত্ৰীসকল বিৰক্ত হৈ পৰে৷
লগতে পঢ়ক Twitter ব্যৱহাৰ কৰিবলৈ ভৰিব লাগিব ধন! কিহৰ ইংগিত দিলে এলন মাস্ক-এ
ৰে’লখনে কিয় লৰচৰ কৰা নাই সেই বিষয়ে অতীষ্ঠ যাত্ৰীসকলে জানিবলৈ বিচাৰে গম পালে যে সহযোগী চালক কৰণবীৰ যাদৱ ৰে’লখনৰ পাইলটৰ কক্ষত নাই৷
ইয়াৰ পিছতহে উৰহি গছৰ উৰ উলায়৷ ৰাজধানী এক্সপ্ৰেছক ক্ৰ’ছিং দিয়াৰ সময়তে লোক’ পাইলট কৰণবীৰ যাদৱে এঢুক দিয়াৰ মানসেৰে ষ্টেচনৰ সমীপতে থকা বজাৰত সুৰা বিচাৰি যায়৷
সুৰা পাই সুৰাপায়ী যাদৱে পাহৰিলে তেওঁ যে শ শ যাত্ৰীৰে ভৰ্তি এখন যাত্ৰীবাহী ৰে’লৰ সহযোগী চালক৷
লগতে পঢ়ক বয়স মাত্ৰ ১৬ বছৰ! ইণ্টাৰনেট চাঞ্চল্য-অভিনেত্ৰী কাইলিয়া প’ছীৰ কৰুণ মৃত্যু!
ইফালে কৰণবীৰ যাদৱক বিচাৰি নাপায় ৰে’ল আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে অনুসন্ধান চলাই মদৰ ঘাটিৰ পৰা তেওঁক নিচাগ্ৰস্ত অৱস্থাত তেওঁক বিচাৰি উলিয়ায়৷ ইয়াৰ পিছতে আৰক্ষীয়ে সুৰাত মগন লোক’ পাইলট কৰণবীৰ যাদৱক গ্ৰেপ্তাৰ কৰে৷
আনহাতে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰে’ল ব্যৱস্থাপক আলোক আগৰৱালাই তদন্তৰ নিৰ্দেশ দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ