চিত্তাকাৰ্ষক পোছাক পৰিধানেৰে সততে চৰ্চাত থকা উৰ্ফি জাভেদে এইবাৰ অগ্নি বৰষিছে৷ অভিনৱ ডিজাইনৰ তথা ছুটি পোছাক পৰিধান কৰি সততে চৰ্চাত থকা উৰ্ফিয়ে শেহতীয়াকৈ পৰিধান কৰা এক পোছাকৰ পিছতে অন্য এক বিতৰ্কৰ সৃষ্টি হৈছে৷
‘বিগ ব’ছ অ’টিটি’ খ্যাত অভিনেত্ৰী উৰ্ফি জাভেদে শেহতীয়াকৈ পৰিধান কৰা পোছাকৰ ফ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ পিছতে অসংখ্যজনে কুমন্তব্য কৰিছে৷ ইয়াৰ মাজৰে কোনোৱে অভিনেত্ৰীগৰাকীক ধৰ্ষণৰো ভাবুকি প্ৰদান কৰা বুলি প্ৰকাশ পাইছে৷
লগতে পঢ়ক বয়স মাত্ৰ ১৬ বছৰ! ইণ্টাৰনেট চাঞ্চল্য-অভিনেত্ৰী কাইলিয়া প’ছীৰ কৰুণ মৃত্যু!
ইয়াৰ পিছতে সামাজিক মাধ্যমত নিজৰ ক্ষোভ আৰু খং উজাৰিছে অভিনেত্ৰী উৰ্ফি জাভেদে৷
ইনষ্টাগ্ৰামত ক্ৰোধান্বিত উৰ্ফিয়ে লিখিলে, ‘‘মোৰ পোছাককলৈ মানুহে যি মন যায় তাকে লিখি আহিছে৷ কুমন্তব্যৰে আমাৰ কমেণ্ট আৰু ট্ৰোলিঙেৰে বক্স ভৰি গৈছে৷ এইদৰে জীৱনটো চলি যাব বুলি ভাবি মাজে মাজে খুব কান্দিছো৷ কিন্তু আৰু নহ’ব৷ মোক ধৰ্ষণৰ ভাবুকি দিয়া আৰম্ভ হৈছে৷ ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছো৷’’
লগতে পঢ়ক কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ ভাষণৰ মাজতে চলিল প’ৰ্ণ ক্লীপ! কোনে সংঘটিত কৰিলে এই কাণ্ড?
বিভিন্ন ধৰণৰ মন্তব্যৰে উৰ্ফিক আক্ৰমণ কৰিলেও বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা উৰ্ফিয়ে ধৰ্ষণৰ ভাবুকি লাভ কৰাৰ পিছতে অগ্নি বৰষিছে৷ ‘‘মোৰ চোলাৰ তলত কি পিন্ধিছো তাক চৰ্চা কৰি থকাতকৈ নিজৰ অন্তৰ্বাসত চকু দিয়ক’’ বুলি তীব্ৰ অগ্নিশেল এৰিছে উৰ্ফি জাভেদে৷
উৰ্ফিয়ে লগতে সংবাদ মাধ্যমে এনে কুৰুচিকৰ মন্তব্যবোৰ প্ৰচাৰ কৰি তেওঁলোকক উৎসাহিত কৰা বুলিও গুৰুতৰ অভিযোগ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ