ভাৰত চৰকাৰে চীনৰ মোবাইল কোম্পানীৰ বিৰুদ্ধে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ প্ৰকাশিত খবৰ মতে দেশীয় মোবাইল হেণ্ডচেট নিৰ্মাণ প্ৰতিষ্ঠান মাইক্ৰ’মেক্স, লাভা, কাৰ্বন আদি ঘৰুৱা ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে ভাৰত চৰকাৰে চীনা মোবাইল নিৰ্মাণ প্ৰতিষ্ঠানে নিৰ্মাণ কৰা লো-এণ্ড স্মাৰ্টফোন (১২ হাজাৰৰ তলত) বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিকল্পনা কৰিছে।
সোমবাৰে প্ৰকাশ পোৱা সূত্ৰৰ উদ্ধৃতিৰে ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতে ‘চীনৰ স্মাৰ্টফোন নিৰ্মাতাক ১২ হাজাৰ টকাতকৈ কম (১৫০ ডলাৰ)ত ডিভাইচ বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিব বিচাৰিছে।
এই পদক্ষেপে চীনৰ স্মাৰ্টফোন নিৰ্মাতাসকলক ‘বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল বজাৰখনৰ পৰা বাহিৰলৈ ঠেলি দিব পাৰে’ বুলিও প্ৰতিবেদনখনত কোৱা হৈছে। কাউণ্টাৰপইণ্ট ৰিচাৰ্চৰ মতে, যদি চৰকাৰে সঁচাকৈয়ে এই পদক্ষেপ লয় তেন্তে ভাৰতত ১৫০ ডলাৰ (১২ হাজাৰ টকা আৰু তাৰ তলৰ) ছেগমেণ্টত প্ৰায় ৫০ শতাংশ বজাৰ অংশীদাৰিত্ব দখল কৰা Xiaomi আৰু Realmeৰ দৰে কোম্পানীয়ে মোক্ষম ডাঙৰ আঘাতৰ সন্মুখীন হ’ব।
লগতে পঢ়ক গীৰ্জাত কন্যা শিশুক যৌন নিৰ্যাতন! গ্ৰেপ্তাৰ হ’ল গীৰ্জাৰ যাজক
ইতিমধ্যে চীনা নিৰ্মাতা কোম্পানীসমূহৰ বিৰুদ্ধে ভাৰতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু শেহতীয়াকৈ চীনৰ অ’প’, ভিভ’ আৰু ছায়’মিৰ দৰে চীনা স্মাৰ্টফোন কোম্পানীসমূহৰ ওপৰত চলোৱা অভিযানে এই কথা প্ৰমাণ কৰিছে।
ভাৰত চৰকাৰে চীনৰ তিনিটা মোবাইল কোম্পানী অ’প’, ভিভ’ ইণ্ডিয়া আৰু ছায়’মিৰ কৰ ফাঁকিৰ অভিযোগ উত্থাপন কৰা গোচৰৰ তদন্ত চলাই আছে।
উল্লেখ্য যে ডি আৰ আইয়ে ভিভ’ মোবাইল ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰায় ২২১৭ কোটি টকাৰ শুল্ক ফাঁকিৰ ধৰা পেলায়। শুল্ক আইনৰ বিধান অনুসৰি ২,২১৭ কোটি টকাৰ শুল্ক বিচাৰি ভিভ’ ইণ্ডিয়াক শ্ব’কজৰ লগতে জাননী প্ৰেৰণ কৰাও হৈছে৷
২০২০ চনৰ এপ্ৰিল মাহৰ পৰা চীনৰ প্ৰতিষ্ঠানসমূহৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ লাভ কৰা ৩৮২টা প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই) প্ৰস্তাৱৰ ভিতৰত ২৯ জুনত ভাৰতে মাত্ৰ ৮০টা প্ৰস্তাৱতহে অনুমোদন জনাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ