গুজৰাটৰ আহমেদাবাদত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ হানি ট্ৰেপিং কাণ্ড। এটা চেটিং এপত এজন যুৱকৰ বন্ধুত্ব হ’ল এগৰাকী মহিলাৰে। ইয়াৰ পিছত দুয়োজনেও ফোনত কথা পাতিবলৈ ধৰিলে।
কিছুদিন পিছত হঠাতে মহিলাগৰাকীৰ পৰা ফোন আহিল যে স্বামী ঘৰৰ পৰা ওলাই গৈছে, গতিকে যুৱকজন ঘৰলৈ আহিব লাগে। যুৱকজনে মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ দুয়োজনে শোৱা কোঠাত যৌন সম্পৰ্ক স্থাপন কৰে।
কিন্তু তাৰ কিছু সময়ৰ পিছতে যুৱকজনে নিজৰ বিপদৰ সম্ভেদ পায়৷ উক্ত কোঠালৈ দুজন লোক মহিলাগৰাকীক ধৰ্ষণৰ গোচৰত জড়িত কৰাৰ ভাবুকি দি ৫ লাখ টকা দাবী কৰে। যুৱকজনে সেই ভাবুকিৰ পিছতে ২.৭০ লাখ টকাও প্ৰদান কৰে। কিন্তু দলটোৱে আৰু অধিক টকা দাবী কৰাৰ পিছত যুৱকজনে চন্দ্ৰখেদা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
লগতে পঢ়ক অশান্ত হ’ব নেকি স্বাধীনতা দিৱস? আছাম ৰাইফলছৰ শিবিৰিত আফলা(স্বা), এনএছচিএনৰ ভয়ংকৰ আক্ৰমণ
আহমেদাবাদৰ আছাৰৱাত এখন দোকান চলাই থকা ৩০ বছৰীয়া যুৱকজনৰ ঘৰ আম্বাবাদী অঞ্চলত। কিছুদিন পূৰ্বে কাৱেক-কাৱেক এপত কবিতা বুলি পৰিচয় দিয়া এগৰাকী মহিলাৰে তেওঁৰ বন্ধুত্ব হৈছিল। পিছত দুয়োজনে ইনষ্টাগ্ৰাম আৰু হোৱাটছএপতো কথা পাতিবলৈ আৰম্ভ কৰে।
কিছুদিন পূৰ্বে কবিতাই নিজৰ ঘৰৰ লোকেচন পঠিয়াই যুৱকজনক নিজৰ ঘৰলৈ মাতি পঠিয়ায়। প্ৰথম দিনা যুৱকজনে মহিলাগৰাকীৰ ঘৰত কফি খাই উভতি আহে। কিছুদিন পিছত কবিতাই যুৱকজনক ক’লে, ‘‘কাইলৈ মোৰ স্বামী চুৰাটলৈ যাব। ঘৰত অকলে থাকিম। তোমাক লগ কৰিব খুজিছোঁ।’’
লগতে পঢ়ক গীৰ্জাত কন্যা শিশুক যৌন নিৰ্যাতন! গ্ৰেপ্তাৰ হ’ল গীৰ্জাৰ যাজক
এইবাৰ কবিতা বুলি কোৱা মহিলাগৰাকীয়ে দুৱাৰখন বন্ধ কৰি যুৱকজনক শোৱনি কোঠালৈ লৈ যায়। ইয়াৰ পিছতে যুৱকজনৰ সৈতে মহিলাগৰাকীয়ে যৌন সম্পৰ্ক স্থাপনকৰে।
তেনে সময়তে কোঠালৈ হঠাতে দুজন মানুহ আহি যুৱকজনক মাৰপিট কৰিবলৈ ধৰিলে। ধৰ্ষণত জড়িত কৰোৱাই ভাবুকি প্ৰদান কৰি ৫ লাখ টকাৰ দাবী কৰে।
উপায়হীন হৈ যুৱকজনে ২.৭০ লাখ টকা প্ৰদান কৰে৷ কিন্তু দলটোৱে ২.৭০ লাখ টকাত মান্তি নহৈ বাকী ধনো দাবী কৰে৷ ইয়াৰ পিছতে যুৱকজনে উপায়হীন হৈ আৰক্ষীৰ ওচৰ চাপে৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ