অসম লাইভ ২৪ঃ কেৱল ভাৰতেই নহয় পৃথিৱীৰ বহু দেশৰ লোকৰ এবিধ জনপ্ৰিয় খাদ্য হৈছে ‘বিৰিয়ানি’। আপুনিও নিশ্চয় বিভিন্ন জুতিৰে ৰন্ধা বিৰয়ানি খাইছে। কিন্তু আপুনি কেতিয়াবা চকলেট বিৰিয়ানি খাইছেনে? চকলেট বিৰিয়ানিৰ নামটো শুনি হয়তো আপুনি অলপ চিন্তিত হৈছে, কিন্তু এইটো সঁচা। চুবুৰীয়া দেশ পাকিস্তানত বিক্ৰী হৈ আছে ‘চকলেট বিৰিয়ানি’। আৰু ইয়াকে লৈ জনসাধাৰণৰ মাজত সৃষ্টি হৈছে নানান প্ৰতিক্ৰিয়াৰ। পাকিস্তানৰ এখন ধাবাৰ ভিডিঅ’ ইণ্টাৰনেটত দ্ৰুতভাৱে ভাইৰেল হৈছে, য’ত চকলেট গলাই গৰম বিৰিয়ানিৰ ওপৰত ঢালি পৰিৱেশন কৰা হৈছে। ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে খঙত অগ্নিশর্মা হৈ পৰিছে একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী। আনকি এজন ব্যৱহাৰকাৰীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখে যে ‘চকলেট বিৰিয়ানি…, এতিয়া ‘ভেনিলা পোলাও’ দেখিবলৈহে বাকী আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ