দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে সন্তান জন্ম দিয়াৰ পাছতে বিদ্যালয়ৰ সমীপত থকা জোপোহাৰ মাজত নৱজাতক পেলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই জঘন্য ঘটনাটো তামিলনাডুৰ৷
আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে, বৃহস্পতিবাৰে তামিলনাডুৰ কুদ্দালোৰ জিলাৰ এখন গাঁৱৰ এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা জোপোহাত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷
নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে বিদ্যালয়খনৰ অধ্যক্ষই আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কামৰাজ হাস্পতাললৈ প্ৰেৰণ কৰে৷
লগতে পঢ়ক কি মাহত মানুহে বেছিকৈ বিবাহ বৰ্হিভূত সম্পৰ্কত জড়িত হৈ পৰে? সমীক্ষাই কি কয়?
ইয়াৰ পাছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে বিদ্যালয়খনৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে ৱাশ্বৰুমতে এটা সন্তান দি জোপোহাতে এৰি তৈ যায়৷ ইতিমধ্যে ১৬ বছৰীয়া কিশোৰী ছাত্ৰীগৰাকীয়ে সন্তানটো তেওঁৰে আছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে৷
আৰক্ষীয়ে জনোৱা মতে, শিশুটিৰ পিতৃ আন এখন ব্যক্তিগত বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ। দুয়োৰে মাজত ঘনিষ্ঠতা থকা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ছাত্ৰজনে। ইয়াৰ পাছতে আৰক্ষীয়ে কিশোৰ ছাত্ৰগৰাকীক গ্ৰেপ্তাৰ কৰে।
ছাত্ৰজনৰ বিৰুদ্ধে POCSOকে ধৰি একাধিক ধাৰাত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে। ইফালে ছাত্ৰীগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ