পৰিৱেশৰ ভয়াৱহতা, বহু নদীত কমিছে পানী, ১৩ নদী ইতিমধ্যে শুকাই গ’ল, ব্ৰহ্মপুত্ৰটো আহিছে সংকট
পৰিৱেশৰ ভৱিষ্যত ভয়াৱহতাই দেখা দিছে। লাহে লাহে কমিবলৈ ধৰিছে দেশৰ বহু নদীৰ পানী। ইতিমধ্যে একেবাৰেই শুকাই মৃতপ্ৰায় হৈ পৰিছে দেশৰ ১৩ খনকৈ নদী। তাৰে মাজতে থকা কেইখনৰ কিছুমানে আনিছে ভৱিষ্যতৰ বেয়া বতৰা।
জলবায়ু পৰিৱৰ্তনৰ এই ভয়াৱহতা বিশেষকৈ দেশৰ তিনি নদীৰ ওপৰত বাৰুকৈয়ে পৰিছে। গংগা, সিন্ধু আৰু ব্ৰহ্মপুত্ৰ নদী। এই তিনি নদীৰ ঘাট সমূহত ইতিমধ্যে পানী হ্ৰাসৰ ছবি ফুটি উঠিছে।
কেন্দ্ৰীয় জল আয়োগ (CWC)ৰ বিশ্লেষণত এই কথা পোহৰলৈ আহিছে যে, ভাৰতৰ ১৫০ খন প্ৰমুখ নদীৰ পানী জমা কৰিব পৰা ক্ষমতা ৩৬ শতাংশ হ্ৰাস পাইছে। ৮৬ নদীত ৪০ শতাংশলৈ হ্ৰাস পাইছে ক্ষমতা। ইয়াৰে অধিকাংশ নদী দক্ষিণ আৰু পশ্চিম ভাৰতৰ।
বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি দেশৰ ভিতৰত সবাতোকৈ অধিক ভয়াৱহ পৰিস্থিতি হৈছে অন্ধ্ৰপ্ৰদেশত। আনহাতে বৰষুণৰ ক্ষেত্ৰত যদি চোৱা হয় দেশৰ অন্য প্ৰান্তৰ তুলনাত চলিত ২০২৪ চনটোত অন্ধ্ৰপ্ৰদেশত ৬৫ শতাংশ আৰু তেলেংগানাত ৬৭ শতাংশ বৰষুণ হ্ৰাস পাইছে।
পাছে অধিক চিন্তাৰ কাৰণ নদীৰ পানী হ্ৰাস পোৱা। কেন্দ্ৰীয় জল আয়োগৰ ওচৰত দেশৰ প্ৰমুখ ২০খন নদীৰ ডেইলী ৰিপোৰ্ট থাকে। সেই ৰিপোৰ্ট অনুসৰি সেই ২০ নদীৰ ভিতৰত ১২ নদীৰ পানীৰ স্তৰ পূৰ্বৰ তুলনাত ভালেখিনি হ্ৰাস পাইছে।
আনহাতে ১৩ নদীত পানীৰ অস্তিত্বই নোহোৱা হোৱাৰ দৰে। এই ১৩ নদী অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু উৰিষ্যাৰ মাজেৰে বৈ বংগোপ সাগৰত পৰে। যাৰ পানীয়ে বহু খেতি কৰ্মতো সহায় কৰিছিল, পাছে বৰ্তমানে সকলো শূণ্য।
ব্ৰহ্মপুত্ৰ নদীৰ ক্ষেত্ৰত প্ৰকাশিত বাতৰি অনুসৰি, নদীৰ পানী হ্ৰাস পাইছে, কিন্তু ই অধিক চিন্তাৰ কাৰণ কৰি তুলিছে বানপানীৰ। বিশেষকৈ নামনি অসমত খৰাং বতৰত অধিক শুকাই ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমুহতো খৰাঙৰ পৰিস্থিতি কৰি তুলিছে, বিপৰীতে বাৰিষা ভয়ংকৰ বানৰ সৃষ্টি কৰাৰ আশংকাই দেখা দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ