মুখ্যমন্ত্ৰীৰ উপস্থিতিত হাৰ্টথ্ৰৱৰ দেহ লৈ অনা হ’ব অসমলৈ!
৩ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ ৰাওনা হ’ব।
নিশাৰ ভাগত ছিংগাপুৰৰ পৰা নশ্বৰ দেহ আহি পাব দিল্লী।
দিল্লীৰ পৰা পুৱতি নিশা গুৱাহাটী বিমানবন্দৰত বিশেষ বিমানেৰে লৈ অহা হ’ব জুবিনৰ পাৰ্থিৱ দেহ৷
তাৰ পৰা বাহিৰে বাহিৰে কাহিলিপাৰা বাসগৃহলৈ নিয়া হ’ব জুবিনৰ দেহ৷
তাত পৰিয়ালে শ্ৰদ্ধা জনোৱাৰ পাছত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাইত ৰখা হ’ব পাৰ্থিৱ শৰীৰ৷
অন্তেষ্টিক্ৰিয়া লৈ যোৰহাটৰ ৰাইজৰ লগত আলোচনা কৰা হৈছে।
এতিয়ালৈ ঠিক হোৱা নাই কোন ঠাইত কৰা হ’ব অন্তেষ্টিক্ৰিয়া৷
আজি দিনৰ ১ বজাত অসম সাহিত্য সভাই সংবাদমেলৰ আয়োজন কৰিছে৷
আছুকে ধৰি সকলো দল সংগঠনৰ সৈতে আলোচনা চলিছে চৰকাৰৰ৷
বিয়লিৰ ভাগত জুবিন গাৰ্গৰ শেষকৃত ক’ত কৰা হব সেই কথা মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ জনাব।
লগতে দিল্লীত গৈ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় মৰ্যাদা দিয়া বিষয়টোও উত্থাপন কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















