অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে দুটাকৈ বৃহৎ ঘোষণা। ‘লাভ জেহাদ’ৰ গোচৰত চৰকাৰে শীঘ্ৰে যাৱজ্জীৱন কাৰাদণ্ডৰ আইন আনিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। দেওবাৰে গুৱাহাটীত অনুষ্ঠিত অসম বিজেপিৰ কার্যনির্বাহক সভাত বিজেপি নেতাৰ সৈতে হোৱা বৈঠকৰ পাছতেই এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ বিধানসভাত বিধেয়ক আনি এই বিষয়টোক আইনত পৰিণত কৰা হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷
মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘লাভ জেহাদ’ৰ কথা আমি নিৰ্বাচনৰ সময়ত কৈছিলো৷ লাভ জেহাদ ইয়াত নহ’ব বুলিও কৈছিলো৷ এইবাৰ আমি এই বিষয়টোক লৈ সোনকালেই এখন আইন প্ৰণয়ণ কৰিম৷ এনে এখন আইন আনিম য’ত এনে গোচৰত যাৱজ্জীৱন কাৰাদণ্ড থাকিব।’
ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ অনুমোদন লাগিব
মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে, হিন্দু আৰু মুছলমানৰ মাজত মাটি বিক্ৰী সন্দৰ্ভতো অসম চৰকাৰে সিদ্ধান্ত লৈছে। মাটি ক্ৰয় বিক্ৰয়ৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সন্মতি লোৱাটো প্ৰয়োজনীয়৷
বিজেপিশাসিত ৰাজ্যত বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা হৈছে
বিজেপি শাসিত অধিকাংশ ৰাজ্যত বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে আইন আছে। এনে পৰিস্থিতিত লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিবলৈ আগবঢ়া প্ৰথম ৰাজ্যসমূহৰ ভিতৰত অন্যতম উত্তৰ প্ৰদেশ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ