অসম লাইভ ২৪ঃ কনডমৰ বজাৰৰ বৃহৎ কোম্পানীসমূহে গঠন কৰিছে কনডম এলায়েন্স নামেৰে এটা গোট। কনডমৰ ব্যৱহাৰক লৈ তেওঁলোকৰ সমীক্ষা কনডমোল’জী সমীক্ষা। ভাৰতত এই সমীক্ষা প্ৰথমবাৰলৈ চলোৱা হৈছে। কনজিউমাৰ, কনডম আৰু চাইক’লজী। এই ৩টা শব্দক লৈ প্ৰস্তুত কৰা হৈছে কনডমোল’জী সমীক্ষা। জনসংখ্যা নিয়ন্ত্ৰণ, অবাঞ্ছিত গর্ভধাৰণ ৰোধ, সুস্থ যৌন স্বাস্থ্য বজাই ৰখাৰ স্বার্থত কনডমৰ ব্যৱহাৰ অত্যন্ত গুৰুত্বপূর্ণ। ২০১৪ আৰু ২০১৫ বর্ষত ‘নেছনেল ফেমিলী হেলথ ছার্ভে ৪’ৰ তথ্যৰ ভিত্তিত সমীক্ষা চলাইছিল কনডম এলায়েন্স। সমীক্ষাৰ ৰিপ’র্টত কোৱা হৈছে ২০ৰ পৰা ২৪ বছৰৰ ভিতৰৰ পুৰুষে যৌন সম্পর্কত লিপ্ত হ’লে ৮০ শতাংশই শেষবাৰৰ বাবে কনডম ব্যৱহাৰ নকৰে। ভাৰতত কনডম ব্যৱহাৰৰ হাৰ মাত্ৰ ৫.৬ শতাংশ। সামাজিক ভাবধাৰা আৰু বিভিন্ন কাৰণত কনডম ব্যৱহাৰৰ হাৰ যথেষ্ট কম। বিয়াৰ পূর্বে কৰা সহবাসৰ সময়ত ২৭ শতাংশ পুৰুষ আৰু মাত্ৰ ৭ শতাংশ মহিলাই কনডম ব্যৱহাৰ কৰে। দেশৰ ৮৭ শতাংশ পুৰুষ আৰু ৯৭ শতাংশ মহিলাই শাৰীৰিক সম্পর্কৰ সময়ত পছন্দ নকৰে কনডম ব্যৱহাৰ কৰিবলৈ। ৰিপ’র্টটোত দাবী কৰা হৈছে যে চৰকাৰীভাৱে যৌন স্বাস্থ্য আৰু কনডম সম্পর্কে সচেতনতা বৃদ্ধিৰ প্ৰচাৰ চলোৱাৰ পাছতো দেশত কনডম ব্যৱহাৰৰ হাৰ বৃদ্ধি পাইছে ২ শতাংশ। AIDS সংক্ৰমণৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰতে তৃতীয় স্থানত। বিপুল পৰিমাণে দেশত HIV সংক্ৰমণৰ বাবে দায়ী সহবাসৰ সময়ত কনডম ব্যৱহাৰ কৰিবলৈ অনিহা প্ৰকাশ কৰাটো। কনডমোল’জীৰ ৰিপ’র্টত দাবী কৰা হৈছে যৌনতাৰ ক্ষেত্ৰত পশ্চিমীয়া দেশৰ যুৱক-যুৱতীৰ তুলনাত ভাৰতৰ যুৱক-যুৱতীৰ বৃহৎ সাংস্কৃতিক আৰু সামাজিক পার্থক্য দেখিবলৈ পোৱা যায়। কনডমোল’জীৰ সমীক্ষাটোত কোৱা হৈছে, কনডম কেতিয়া ব্যৱহাৰ কৰা উচিত, কেনেকৈ ব্যৱহাৰ কৰা উচিত আৰু সংকোচ নকৰাকৈ দোকানলৈ গৈ কনডম ক্ৰয় কৰাৰ ক্ষেত্ৰত বর্তমানেও ভাৰতত বহুতৰে মাজত একো স্পষ্ট ধাৰণা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















