ভোট চুৰিৰ অভিযোগ তুলি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে তেওঁ শীঘ্ৰেই এই বিষয়ক লৈ হাইড্ৰজেন বোমা বিস্ফোৰণ ঘটাব৷ বৃহস্পতিবাৰে সংবাদমেল আয়োজন কৰি ভোট চুৰিৰ অভিযোগ আনিছে ৰাহুলে৷ একাধিক বিস্ফোৰক মন্তব্য কৰিছে লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীয়ে৷ ৰাহুলে টাৰ্গেট কৰি লৈছে দেশৰ চিফ ইলেকছন কমিছনাৰ জ্ঞানেশ কুমাৰক৷ ভাৰতৰ গণতন্ত্ৰক যিসকলে ধ্বংস কৰিছে তেওঁলোকক ৰক্ষণাবেক্ষণ দিছে মুখ্য নিৰ্বাচন কমিছনাৰে৷ এই অভিযোগ ৰাহুল গান্ধীৰ৷
ভোটাৰৰ নাম ডিলিটৰ চেষ্টা চলোৱা হৈছে
ৰাহুল গান্ধীৰ দাবী, কৰ্ণাটকৰ আলান্দ কেন্দ্ৰত ৬০১৮ জন ভোটাৰৰ নাম ডিলিট কৰাৰ চেষ্টা কৰা হৈছিল৷ লোকসভাত বিৰোধী দলনেতাৰ দাবী, মূলত কংগ্ৰেছৰ যিসমূহ বুথ শক্তিশালী, সেই স্থানৰ পৰা পৰিকল্পনা কৰি ভোটাৰৰ নামসমূহ ডিলিট কৰি দিয়া হৈছে৷ ৰাহুলৰ অভিযোগ যে পদ্ধতিগতভাৱে দেশৰ লাখ লাখ ভোটাৰক টাৰ্গেট কৰা হৈছে৷ সম্প্ৰদায় বিৰোধীসকলৰ পক্ষে ভোট দিয়াসকল যেনে দলিত, আদিবাসী, সংখ্যালঘু, অবিচি, তেওঁলোকক বেছিকৈ টাৰ্গেট কৰা হৈছে৷ এই অভিযোগসমূহৰো প্ৰমাণ আছে৷ এইবাৰ এই বিষয়টো ১০০ নিশ্চিত হল৷
এই অভিযোগ তুলি মুখ্য নিৰ্বাচন কমিছনাৰ জ্ঞানেশ কুমাৰক টাৰ্গেট কৰিছে ৰাহুল গান্ধীয়ে৷ তেওঁ কয়, ‘যিসকলে ভাৰতৰ গণতন্ত্ৰক হত্যা কৰিছে তেওঁলোকক সুৰক্ষা দিয়া বন্ধ কৰক জ্ঞানেশ কুমাৰে৷’ কৰ্ণাটক, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰপ্ৰদেশত গণহাৰত ভোটাৰসকলৰ নাম বাতিল কৰা হৈছে বুলি অভিযোগ কৰিছে কংগ্ৰেছ সাংসদে৷ আৰু কেন্দ্ৰীয়ভাৱে ছফ্টৱেৰ ব্যৱহাৰ কৰি এই কাম কৰা বুলি দাবী তেওঁৰ৷ ৰাহুলৰ দাবী, এই বিষয়ক লৈ তদন্ত আৰম্ভ কৰিছে কৰ্ণাটকৰ ছি আই ডিয়ে৷
বিষয়টোক কেন্দ্ৰ কৰি তদন্তকাৰীৰ তৰফৰ পৰা নিৰ্বাচন কমিছনক তথ্যও বিচৰা হৈছিল৷ কিন্তু কমিছনে কোনো তথ্য দিয়া হোৱা নাই বুলি অভিযোগ ৰাহুলৰ৷ এই দিনটোত ৰাহুল গান্ধীয়ে দাবী কৰিছে যে কমিছনৰ ভিতৰৰ পৰাই তেওঁলোকক সাহায্য কৰা হৈছে আৰু তথ্য দিয়া হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















