প্ৰেমৰ সম্পৰ্কত থকা অৱস্থাত বিবাহৰ প্ৰতিশ্ৰুতিৰে স্থাপন কৰা যৌন সম্পৰ্ক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি৷ দেশৰ এখন উচ্চ ন্যায়ালয়ে এইদৰে মন্তব্য কৰিছে৷
শুকুৰবাৰে কেৰেলা উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে দুজন সংগীৰ মাজত বিবাহৰ প্ৰতিশ্ৰুতিৰে সন্মিতসূচক যৌন সম্পৰ্কৰ পিছত বিবাহ নহ’লেও উক্ত যৌন সম্পৰ্কক কোনো ক্ষেত্ৰতে ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি।
আদালতে লগতে কয় যে, “পুৰুষ আৰু মহিলাৰ মাজৰ যৌন সম্পৰ্ক তেতিয়াহে ধৰ্ষণ বুলি গণ্য কৰিব পাৰি যেতিয়া কাৰোবাৰ ইচ্ছাৰ বিৰুদ্ধে বা সন্মতি অবিহনে বা বলপূৰ্বক বা প্ৰৱঞ্চনাৰে যৌনতা চাৰিতাৰ্থ কৰা হয়৷”
লগতে পঢ়ক Real Life Tarzan! ৪১ বছৰ কটালে অতব্য অৰণ্যত, নাৰী আৰু যৌনতা কি সেয়াও নাজানে!
অধিবক্তা নৱনীত এন নাথৰ জামিন মঞ্জুৰ কৰাৰ সময়ত কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বেচু কুৰিয়ান থমাছৰ এজনীয়া বিচাৰপীঠে এই ৰায়দান কৰে৷ উল্লেখ্য যে অধিবক্তা নৱনীত এন নাথৰ বিৰুদ্ধে বিবাহৰ প্ৰতিশ্ৰুতি দি এগৰাকী মহিলা অধিবক্তাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
উল্লেখ্য যে অধিবক্তাগৰাকীৰ বিৰুদ্ধে তেওঁৰ প্ৰেমিকাই বিয়াৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ ৪ বছৰ সম্পৰ্ক ৰক্ষাৰ পাছত অধিবক্তাগৰাকীয়ে যুৱতীগৰাকীক বিয়া পাতিবলৈ অস্বীকাৰ কৰে৷ ইপিনে এই গোচৰৰ পৰিপ্ৰেক্ষিতত অভিযুক্ত অধিবক্তাগৰাকীয়ে উচ্চ ন্যায়ালয়ত আগতীয়া জামিন বিচাৰি আবেদন জনায়৷
আদালতে এই জামিন আবেদনৰ শুনানিৰ আদেশত লগতে কয় যে, ‘‘বিবাহৰ প্ৰতিশ্ৰুতিৰে স্থাপন কৰা যৌন সম্পৰ্ক তেতিয়াহে ধৰ্ষণ বুলি গণ্য কৰা হ’ব যেতিয়া উক্ত প্ৰতিশ্ৰুতি ভুৱা পৰিচয়েৰে অসৎ অভিপ্ৰেতেৰ দিয়া হৈছিল বা প্ৰৱঞ্চনামূলকভাৱে যৌনতাৰ সন্মতি লোৱা হৈছিল অথবা প্ৰতিশ্ৰুতি দিয়াৰ সময়তো ইয়াক পালন কৰাৰ কোনো ইংগিত বহন নকৰে৷’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ