আজৱ দেশৰ, আজৱ খবৰ বুলিলেও ভুল নহ’ব৷ আমাৰ দেশতেই এনে আজৱ ঘটনা প্ৰায়েই ঘটি থাকে৷ লেব টেকনিছিয়ান ছুটিত আছে৷ ইফালে হাস্পতালত দিঘলীয়া ৰোগীৰ শাৰী৷ ECG কোনে কৰিব? ধৰি অনা হ’ল এগৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক৷ তেৱেই ECG কৰিব৷ ৰোগীত বেডত শুৱাই ECG কৰিবলৈ আৰম্ভ কৰিছে ঠিকাভিত্তিক কৰ্মচাৰীয়েই৷ কিন্তু কাহানিও এই কাম কৰা নাছিল সেই কৰ্মীয়ে৷ সেয়ে ইউটিউব চাই চাইয়েই কৰি গ’ল দায়িত্ব৷
https://x.com/ashok_Jodhpurii/status/1852268796355969124
সামাজিক মাধ্যমত এই ECG কৰা ভিডিঅ’ ভাইৰেল হৈছে৷ ভাইৰেল ভিডিঅ’টো ৰাজস্থানৰ যোধপুৰৰ এখন হাস্পতালৰ৷ ভাইৰেল ভিডিঅ’টোত দেখা গৈছে এজন ঠিকাভিত্তিক কৰ্মচাৰীয়ে কেনেকৈ ইউটিউব চাই চাই ECG কৰিছে৷ যি ৰোগীৰ ECG কৰা হৈছিল, তেৱেই ভিডিঅ’টো কৰিছে৷ ভাইৰেল ভিডিঅ’ত সেই ৰোগীক কৈ থকা শুনা গৈছে, লেবৰটৰী টেকনিছিয়ান ছুটিত আছে৷ চুক্তিভিত্তিক কৰ্মীয়ে সেয়ে ECG কৰিব লগা হৈছে৷ কিন্তু তেওঁ ECGৰ বিষয়ে একোৱেই নাজানে৷ সেয়ে ইউটিউব চাই চাই এই কাম কৰিছে৷ ৰোগীয়ে তেতিয়া তেওঁক প্ৰশ্ন কৰিছে, ‘আপুনি যদি নাজানেই কিয় এই কাম কৰিছে? ইণ্টাৰনেট চাই কেনেকৈ ECG কৰিব?’
সমগ্ৰ ভিডিঅ’ত হাস্পতালৰ সেই কৰ্মীক মোবাইল চাই থকাই দেখা গৈছে৷ সেই ভিডিঅ’ চায়েই পয়েণ্ট নিৰ্ধাৰণ কৰিছে যে ক’ত ECG প্লাগটো লগাব৷ ৰোগীয়ে বাৰে বাৰে প্ৰশ্ন কৰিছে যদিও তেওঁ কোনো উত্তৰ দিয়া নাই৷ বৰং লিড লগোৱাৰ পাছত তেওঁ নিজেই কৈছে, ‘সঠিক পয়েণ্টত লগোৱা হৈছে৷ আপোনাৰ সমস্যা কি?’
ৰোগীয়েও ওলোটাকৈ কৈছে, ‘আপোনাৰ অভিজ্ঞতা নাই তথাপিও ECG কৰিছে?’ তেতিয়া কৰ্মীজনে কয়, ‘হয় মই কেতিয়াও ECG কৰাই নাই৷ ৰোগীয়ে ওলোটাকৈ কয়, ‘মই লেব টেকনিছিয়ান নহয়৷’ ভিডিঅ’টো ব্যাপকৰূপত ভাইৰেল হোৱাৰ পাছতেই হাস্পতাল কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো তদন্ত কৰা হ’ব বুলি আশ্বাস দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ