• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

4 months ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

2 minutes ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

1 hour ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

2 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

10 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

10 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

10 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

11 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

11 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

12 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

12 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

13 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home সমীক্ষণ (আলোচনী)

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

ফুটবল বিশ্বকাপৰ বাবে ভাৰতে যোগ্যতা অৰ্জন কৰিব নোৱাৰাটো ক্ৰিকেটৰ দোষ নেকি?

editor by editor
June 9, 2026
in ক্ৰীড়া, বিবিধ, লেখা, সমীক্ষণ (আলোচনী)
0
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?
0
SHARES
407
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
এতিয়া ফুটবলৰ জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ব। কাৰণ ১১ জুনৰ পৰা আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’ব ফুটবল বিশ্বকাপ। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ফুটবল বিশ্বকাপৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে। যদিও ফুটবল বিশ্বকাপত ভাৰতে এতিয়ালৈ খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাই। ভাৰতত ফুটবলতকৈ ক্ৰিকেটৰ জনপ্ৰিয়তা বেছি। ফুটবলৰ তুলনাত ক্ৰিকেটৰ জৰিয়তে ভাৰতে লাভো কৰিছে আকাশলংঘী সফলতা। ঠাইভেদে, পৰিৱেশভেদে খেলৰ জনপ্ৰিয়তা কম-বেছি থাকে। এয়া নতুন কথা নহয়। কিন্তু এবিধ খেলৰ লগত আনবিধক তুলনা কৰি উপলুঙা কৰাটো কিমান সমীচিন?
নীলিম কুমাৰে কোৱাৰ দৰে সঁচাই অকৰ্মণ্য খেল নেকি ক্ৰিকেট?
ফুটবল বিশ্বকাপৰ আলমত অসমৰ জনপ্ৰিয় কবি নীলিম কুমাৰে এটা কবিতা লিখিছে। অৱশ্যে কবিতাটোত ফুটবল বিশ্বকাপৰ কথা উল্লেখ কৰিলেও কবিতাটোৰ ভিতৰৰ বিষয়বস্তু বেলেগ। কিন্তু কবিতাটোৰ এটা ঠাইত তেওঁ ফুটবলক শ্ৰেষ্ঠ দেখুৱাবলৈ গৈ ক্ৰিকেটক অকৰ্মণ্য খেল হিচাপে লিখিছে, যাক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত এতিয়া অসন্তুষ্টি দেখা গৈছে। কবি আৰু কবিতাৰ ভাষা বেলেগ হ’লেও, কবিতাত ভাষাৰ সাংকেতিক ব্যৱহাৰ থাকিলেও কিছুমান নিৰ্দিষ্ট শব্দৰ ব্যৱহাৰে অনুৰাগীৰ মনত কষ্ট দিব পাৰে।
 সাম্প্ৰতিক সময়ত অসম তথা ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ ঘটনা ঘটিবলৈ লৈছে। যিবোৰক লৈ চিন্তত হৈয়েই হয়টো নীলিম কুমাৰে শেহতীয়াকৈ লিখিছে কবিতাটো। কবিতাটোত নীলিম কুমাৰে বিভিন্ন সমস্যাক উত্থাপন কৰি এই পৰ্যন্ত ভাৰতে বিশ্বকাপ ফুটবলত যোগ্যতা কৰিব নোৱাৰাটোকো আক্ষেপ কৰিছে। একেদৰে তেওঁ দুৰ্নীতি, লুণ্ঠন, সাম্প্ৰদায়িক সংঘৰ্ষৰ কথাও উল্লেখ কৰিছে কবিতাটোত। তেওঁ ‘হিন্দুৱে ভাৰতৰ হাত কাটিছে, মুছলমানে ভৰি কাটিছে’ বুলি এঠাইত উল্লেখ কৰিছে। সেয়ে ভাৰতে ফুটবল খেলিব নোৱাৰে বুলি উল্লেখ কৰিছে। তাৰমানে এগৰাকী বিশেষভাৱে সক্ষম লোকে ফুটবল খেলিব নোৱাৰে! বিশেষভাৱে সক্ষম ব্যক্তি এগৰাকীৰ মনত এই কথাটোৱে দুখ নিদিবনে? ফুটবলক প্ৰশংসা কৰিবলৈ গৈ নীলিম কুমাৰে ক্ৰিকেটক অকৰ্মণ্য খেল বুলি কৈছে। ক্ৰিকেট ভাৰতত বহুলভাৱে জনপ্ৰিয় খেল। কোটি কোটি ভাৰতীয়ৰ হৃদয়ত আছে ক্ৰিকেট। নীলিম কুমাৰৰ ভাষাত ‘পংগু’ এজনে ফুটবল খেলিব নোৱাৰে কিন্তু ক্ৰিকেটে তেনে এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ খেলুৱৈ সুলভ মনটোত হাঁহি বিৰিঙাই ক্ৰিকেট খেলাৰ সুবিধা কৰি দিছে। বিশেষভাৱে সক্ষম ব্যক্তিৰ ক্ৰিকেট বিশ্বকাপতো সেয়ে ভাৰতে পাৰদৰ্শিতা দেখুৱাই চেম্পিয়ন হৈছে। ক্ৰিকেটে সকলোকে দিছে সেই সুবিধা। তিনিবাৰকৈ ODI বিশ্বকাপ(এবাৰ মহিলা, দুবাৰ পুৰুষ) আৰু ৩ বাৰকৈ T20 বিশ্বকাপ জয় কৰা ভাৰতৰ অজস্ৰ অনুৰাগীৰ বাবে ক্ৰিকেট কেতিয়াও অকৰ্মণ্য খেল হ’ব নোৱাৰে।
 এবিধ খেলক শ্ৰেষ্ঠ দেখুবলৈ গৈ আন এবিধ খেলক উপলুঙা কৰাটো কবিতাৰ কেনে ভাষা বুজিবলৈ কঠিন। কোটি কোটি ভাৰতীয়ৰ হৃদয়ত স্থান পোৱা খেলবিধ কেনেকৈ অকৰ্মণ্য হ’ব পাৰে? তাৰমানে অসমৰ জনপ্ৰিয় কবিগৰাকীৰ মতে কোটি কোটি ভাৰতীয় যিয়ে ক্ৰিকেটক প্ৰিয় খেল হিচাপে ভাবে তেওঁলোকৰ চিন্তাধাৰাও অকৰ্মণ্য নেকি? ভাৰতকে ধৰি ক্ৰিকেট খেলা বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীৰ মাজত চৰ্চাত থাকিবলৈ সক্ষম হোৱা অসম সন্তান ৰিয়ান পৰাগো তেনেহলে নীলিম কুমাৰৰ মতে অকৰ্মণ্য নেকি? মহিলা বিশ্বকাপ বিজয়ী অসম কন্যা উমা চেত্ৰীও তেনেহলে নীলিম কুমাৰৰ মতে অকৰ্মণ্য নেকি?
নীলিম কুমাৰৰ  কবিতাটো হুবহু তলত দিয়া হ’ল
বিশ্বকাপ ফুটবল
============
নীলিম কুমাৰ
ভাৰতবৰ্ষ, তোমাৰ এখন হাত কাটিলে হিন্দুৱে
এখন ভৰি কাটিলে মুছলমানে
বিশ্বকাপ ফুটবল খেলিবা কেনেকৈ ভাৰতবৰ্ষ ?
হে ভাৰতবৰ্ষ
খেলিব পাৰিলাহেঁতেন তুমি
দুৰ্নীতিৰ বিশ্বকাপ
খেলিব পাৰিলাহেঁতেন তুমি হিংসা লুণ্ঠন ৷
গুজৰাট গুজৰাট
তুমিতো হ’ব পাৰিলাহেঁতেন কেপ্তেইন ৷
খেলিব পাৰিলাহেঁতেন বিশ্বকাপ সাম্প্ৰদায়িকতা ,
সাম্প্ৰদায়িক ভক্ত সকলৰ প্ৰেকটিচ শেষ হৈছেনে  সোধা ৷ সোধা
সপোনতো সোণৰ বুট জোতা দেখাৰ
অধিকাৰ নাই তোমাৰ সন্তানৰ
হে ভাৰতবৰ্ষ , ইমান দুৰ্কপলীয়া আমি!
কাঢ়ি নিলে কোনে আমাৰ বুকুৰ হৰ্ষ
কাঢ়ি নিলে কোনে আমাৰ খেলাৰ বস্ত্ৰ?
আমিওতো খেলিছিলোঁ ৰবাব টেঙা
ফিফা এই কথা তুমি জানানে
 ঠিক ব্ৰাজিলৰ দৰেই !
ব্ৰাজিল এতিয়া বহু দূৰ পালেগৈ
কিমান দূৰ পালেগৈ সেই ৰবাব টেঙা
টিভিৰ পৰ্দাত মনিব নোৱাৰি …
তথাপি বিশ্বকাপ ফুটবল চাবলৈ যাম
যদিও মোৰ সৰ্বাংগ তেজে তুমৰলি
যদিও মোৰ সৰ্বাংগত হিংসাৰ আঁচোৰ
বিশ্বকাপ ফুটবল চাবলৈ যাম ৷
মেক্সিকো আৰু কানাডা ,
তোমালোকৰ ৰেলৱে প্লেটফৰ্মত
ৰাতি কটাবলৈ
মোৰ কাৰণে দুফুট ঠাই নহ’বনে ?
বিশ্বকাপ ফুটবল চাবলৈ যাম
বিশ্বকাপ ফুটবল চাবলৈ যাম
সমগ্ৰ পৃথিৱী য’ত হাউলি পৰিব ,
নাচি থাকিব য’ত খেলুৱৈ দেশৰ পতাকাবোৰ
তালৈ মই আমাৰ ত্ৰিৰংগাখন
কেনেকৈ লৈ যাম জেপত ?
ভাৰতবৰ্ষ , ইমান দুৰ্কপলীয়া আমি
বিশ্ববেংকৰ ভিক্ষাৰী ,
তোমাৰ হাত এখন কাটিলে হিন্দুৱে
ভৰি এখন কাটিলে মুছলমানে
তথাপি বিশ্বকাপ ফুটবল চাবলৈ যাম
তোমাক মই দূৰৰ পৰাই চিনি পাম
হে কিলিয়ান এমবাপে , সোণৰ বুটৰ অধিকাৰী ৷
চিনি পাম লিয়েনাল মেছি আৰু
ৰোনাল্ডো তোমালোককো …
মোৰ তেজত বিচৰণ কৰা তোমালোক৷
তোমালোকৰ চাল চলনৰ সংজ্ঞা জানো মই ৷
মই যে ভালপাওঁ ফুটবল
মই যে ভালপাওঁ শক্তিশালী ফুটবল ,
ক্ৰিকেটৰ দৰে অকৰ্মণ্য খেলা নহয় !
কোকাকোলা
তোমাৰ লগত মই নাযাওঁ
বিশ্বকাপ চাবলৈ ৷
এডিডাচ
তোমাৰ লগতো নাযাওঁ ৷
ফিফা ,তুমি মোক এটা ফ্ৰী টিকট দিবানে
গেলাৰীৰ এচুকত মই চুপচাপ বহি থাকিম
কোনেও মোক চিনি নাপাব
আাকঁবাক কৰি ল’ম মুখত ,
লাগিলে ভাৰতবাসী বুলি
মই পৰিচয় নিদিম কাকো ৷
ফিফা , তুমি মোক এটা ফ্ৰী টিকট
দিবানে ?
দিবানে কোৱা
নহ’লে মই মনে মনে
চোৰৰ দৰে খেলপথাৰত সোমাম ৷
এজন ফুটবলপ্ৰেমিক এই অপৰাধত
ফিফা তুমি শাস্তি দিব পাৰিবানে ?
যেনেকৈয়ে মই উপস্থিত নহওঁ
মেক্সিকো কানাডা আৰু আমেৰিকা
মোক আদৰিবলৈ সাজু থাকা বা নাথাকা
বিশ্বকাপ ফুটবল চাবলৈ যাম ৷
মনত ৰাখিবা
দৰিদ্ৰ দেশেও ফুটবল ভালপায় ৷
মোৰ দৰে আটাইতকৈ দৰিদ্ৰজনেও !
ভাৰতবৰ্ষ ,
তুমি কিবা ক’বা ?
তোমাৰ যন্ত্ৰণা নাই
তোমাৰ এখন হাত কাটিলে হিন্দুৱে
এখন ভৰি কাটিলে মুছলমানে ,
তুমি কি কোনোদিনেই
বিশ্বকাপ ফুটবল খেলিবলৈ নোৱাৰিবা ভাৰত ?
নোৱাৰিবা ?
নোৱাৰিবা ?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24football
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা
ভাৰত

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

October 18, 2026
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ
জীৱনশৈলী

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

October 18, 2026
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
Next Post
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.