অসম লাইভ ২৪ঃ ব্লেক ফাংগাছ, হোৱাইট ফাংগাছৰ পাছত এইবাৰ ৰোগীৰ দেহত ধৰা পৰিছে গ্ৰীণ ফাংগাছৰ অৱস্থিতি। ক’ৰোনা ভাইৰাছৰ দ্বিতীয় লহৰ আৰু ব্লেক ফাংগাছে দেশবাসীক জুৰুলা কৰি থকাৰ সময়তে পুনৰ গ্ৰীণ ফাংগাছে আতংকৰ সৃষ্টি কৰিছে। মধ্য প্ৰদেশত প্ৰথমবাৰৰ বাবে ক’ৰোনা ৰোগীৰ দেহত ধৰা পৰিছে গ্ৰীণ ফাংগাছৰ উপস্থিতি। চিকিৎসা বিজ্ঞানৰ ভাষাত এই ৰোগক এছপাৰগিল’ছিছ সংক্ৰমণ বুলি কোৱা হয়। মধ্য প্ৰদেশৰ ইন্দোৰত এগৰাকী ৩৪ বছৰীয়া কোভিড ৰোগীৰ দেহত ধৰা পৰে এই ভাইৰাছ। কোভিড আক্ৰান্ত হৈ প্ৰায় দুমাহ চিকিৎসাধীন হৈ থকাৰ পাছত কিছুদিন পূৰ্বে সুস্থ হৈ ঘৰলৈ উভতিছিল ব্যক্তিগৰাকী। পুনৰ জ্বৰত আক্ৰান্ত হোৱাৰ পাছত চিকিৎসকৰ পৰীক্ষাত গ্ৰীণ ফাংগাছৰ অৱস্থিতি ধৰা পৰে ব্যক্তিগৰাকীৰ দেহত। ইন্দোৰৰ অৰবিন্দ ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সৰ হাওঁফাওঁ সংক্ৰমণ বিভাগৰ চিকিৎসক ডাঃ ৰবি দোশীয়ে গ্ৰীণ ফাংগাছৰ সংক্ৰমণ বিৰল বুলি উল্লেখ কৰে। লগতে তেওঁ এই সংক্ৰমণ সন্দৰ্ভত অধিক অধ্যয়নৰ প্ৰয়োজন বুলিও কয়। উল্লেখ্য, আক্ৰান্ত লোকজনক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ প্ৰেৰণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ