অসম লাইভ ২৪ঃ প্ৰায় দুমাহৰ অন্তত দেশবাসীৰ বাবে কিছু স্বস্তিৰ খবৰ। দেশত ক্ৰমাৎ হ্ৰাস পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। বিগত ৩ সপ্তাহ ধৰি হ্ৰাস পাইছে দেশৰ কোভিড আক্ৰান্তৰ সংখ্যা। ৭ দিনৰ গড় হিচাপত দেশত প্ৰায় ৫০ শতাংশ কমিছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। ক’ৰোনাৰ দ্বিতীয় ঢৌত প্ৰায় দুমাহ ধৰি বিপৰ্যস্ত হৈ আছে দেশ। প্ৰতিদিনে লাখ লাখ লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে হাজাৰ হাজাৰ লোক। কিন্তু ক্ৰমান্বয়ে উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি। ৰাজ্যসমূহত আৰম্ভ হৈছে আন-লক প্ৰক্ৰিয়া। এনে পৰিস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই তথ্যই সকাহ দিছে দেশবাসীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ