অসম লাইভ২৪ঃ ‘আজি কটনীয়ানে যি ভাৱে কাইলৈ অসমবাসীয়ে সেই কথা চিন্তা কৰে।’ কটনে এই কথা পূৰ্বৰে পৰাই প্ৰমাণ কৰিয়েই আহিছে। ৰাজ্যৰ বিভিন্ন কোণৰ পৰা আহি কটনত ভৰি দিয়ে একাংশ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে। কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত চকু ৰাখে অসমৰ সমূহ ৰাজনৈতিক সচেতন ব্যক্তিয়েই। কটনৰ ছাত্ৰ একতা সভাৰ ৰাজনীতিৰ পৰাই ভৱিষ্যত অসমৰ ৰাজনীতিত ভৰি দিবলৈ উত্তৰ পুৰুষ ওলায় আহে। যিদৰে ওলাইছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যিদৰে ওলাইছিল বিধায়ক অখিল গগৈ।
আজি ঘোষণা হ’ল কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল। সভাপতি পদত আছু সমৰ্থিত প্ৰাৰ্থী ত্ৰিদীপ ভাগৱতীয়ে জয়লাভ কৰিছে। উপসভাপতিৰ পদত জয়লাভ কৰিছে হিমপৰ্ণা দাসে। সাধাৰণ সম্পাদক পদত জয়লাভ কৰিছে আছু সমৰ্থিত প্ৰাৰ্থী ঋতুৰাজ শইকীয়াই, সহকাৰী সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰিছে নয়না বৰাই।
সম্পাদক কটনীয়ানৰ পদত অংকুৰজ্যোতি শৰ্মা, তৰ্ক সম্পাদকৰ পদত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী বিনয় কলিতাই জয়লাভ কৰিছে। আনহাতে সাংস্কৃতিক সম্পাদকৰ পদত জয়লাভ কৰিছে অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী ৰিমলিম ভুঞাই।
একাদিক্ৰমে ছাত্ৰ জিৰণি কোঠা পদত একমাত্ৰ নিৰ্দলীয় প্ৰাৰ্থী হৃদয়া নন্দ কলিতাই জয় লাভ কৰে। ছাত্ৰী জিৰণি কোঠা পদত জয়ী হয় বিপাশা দাস। ক্ৰিকেট সম্পাদকৰ পদত অসম ছাত্ৰ পৰিষদ সমৰ্থিত দ্বীপজ্যোতি বৈশ্যই জয় লাভ কৰে। সংগীত সম্পাদক পদত বহ্নিমান গোহাঁইৰ জয় লাভ। টেনিছ, চুইমিং আৰু জিমনেজিয়ামৰ সম্পাদক পদত অসম ছাত্ৰ পৰিষদ সমৰ্থিত দেৱজ্ঞান বৰুৱাৰ জয় লাভ। লঘূ ক্ৰীড়া শাখাৰ সম্পাদক পদত আছু সমৰ্থিত লিছা মেধিয়ে জয় লাভ কৰে। সমাজ সেৱা সম্পাদক পদত অসম ছাত্ৰ পৰিষদ সমৰ্থিত বিতোপন দলেৰ জয় লাভ। এথলেটিকছৰ সম্পাদক পদত আন্না টিমুংপীয়ে জয়লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ