গোপীচান্দ৷ ঘৰ ৰাজস্থানৰ আলৱাৰ জিলাত৷ প্ৰাক্তন ভাৰতীয় সৈনিক৷ ভাৰত-পাকিস্তানৰ যুদ্ধত শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰা অভিজ্ঞতাৰেপুষ্ট তেওঁ৷
বৰ্তমান ৭৫ বছৰীয়া ভাৰতৰ এই প্ৰাক্তন সৈনিকজনে আজিৰ পৰা ৫৪ বছৰৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল৷ বৰ্তমান তেওঁৰ পত্নীৰ বয়সো ৭০ বছৰ৷
বয়সৰ লেখেৰে বৃদ্ধ হোৱা এই দম্পতীহালে বৈবাহিক জীৱনৰ ৫৪ টা বসন্তও অতিক্ৰান্ত কৰিলে৷ কিন্তু তেওঁলোক যোৱা ৫৪ টা বছৰে হৈ আছিল নিঃসন্তান৷
লগতে পঢ়ক বিকংলাগ লোকৰ ওপৰত বৰ্বৰ অত্যাচাৰ: প্লাষ্টিকৰ পাইপেৰে প্ৰহাৰ, চেলেকালে ভৰি
বৈবাহিক জীৱনৰ বিগত ৫৪ টা বছৰে নিঃসন্তান হৈ থকা বৃদ্ধ দম্পতীহালৰ মনত ইয়াকে লৈ কিছু দুখ, হতাশাও আছিল৷ কিন্তু তেওঁলোকে হাৰ মনা নাছিল৷
দম্পতীহালে এই বৃদ্ধাৱস্থাতো পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে৷ তেওঁলোক দুয়োৰে এটা পুত্ৰ সন্তানৰ জন্ম হৈছে৷ অৱশ্যে বিশ্বৰ বহু ৭০-৮০ বছৰীয়া দম্পতীয়ে আইভিএফ প্ৰযুক্তিৰ দ্বাৰা পিতৃ-মাতৃ হোৱাৰ ইচ্ছা পূৰণ হৈ আহিছে৷
ইফালে ৭৫ বছৰ বয়সত পিতৃত্ব অৰ্জন কৰি গৌৰৱান্বিত পিতৃ গোপীচান্দ আৰু তেওঁৰ ঝুনঝুনুৰ নুহানিয়া গাঁৱৰ সকলো বাসিন্দা।
লগতে পঢ়ক সাগৰৰ পাৰত বিশাল আকাৰৰ অদ্ভুত জীৱ আৱিষ্কাৰ!দেখি স্তম্ভিত হ’ল সমগ্ৰ নেট-নাগৰিক!
চিকিৎসক ডাঃ পংকজ গুপ্তাই শিশু আৰু মাতৃ দুয়ো বৰ্তমান সুস্থ বুলি কৈ নৱজাতকৰ ওজন প্ৰায় ৩.৫ কিলোগ্ৰাম বুলি প্ৰকাশ কৰিছে৷ চিকিৎসক ডাঃ গুপ্তাৰ মতে সমগ্ৰ দেশতে এই বয়সত কেৱল কেইটামান শিশুৰ জন্ম হোৱাৰ ঘটনাহে ঘটিছে। এয়া সম্ভৱতঃ ৰাজস্থানৰ প্ৰথম ঘটনা য’ত এজন ৭৫ বছৰীয়া পুৰুষ আৰু ৭০ বছৰীয়া মহিলাৰ এটা সন্তান জন্ম হৈছে।
আনহাতে বৃদ্ধ বয়সত পিতৃ হোৱাত উৎফুল্লিত হৈ পৰিছে গোপীচান্দ৷ গোপীচান্দে এই সম্পৰ্কে কয় ‘‘আমি আমাৰ পৰিয়ালক আগুৱাই নিবলৈ পাই সুখী, কিয়নো মই মোৰ দেউতা নায়নু সিঙৰ একমাত্ৰ পুত্ৰ৷’’
উল্লেখ্য যে সন্তানৰ পিতৃ হোৱাৰ মানসেৰে প্ৰায় ডেৰ বছৰ পূৰ্বে গোপীচান্দে তেওঁৰ আত্মীয়ৰ জৰিয়তে প্ৰজনন কেন্দ্ৰৰ কাষ চাপিছিল। তেওঁৰ পত্নী চন্দ্ৰাৱতী দেৱীয়ে আইভিএফৰ জৰিয়তে তৃতীয় প্ৰচেষ্টাত ন মাহ আগতে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হৈছিল আৰু অৱশেষত তেওঁলোক এক পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ