অসম লাইভ ২৪ঃ বৰ্তমানো কোভিডমুক্ত হোৱা নাই দেশ৷ কোভিডৰ তৃতীয় ঢৌৰ আশংকাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰিপ’ৰ্ট প্ৰেৰণ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ অধীনত এক বিশেষজ্ঞ কমিটীয়ে প্ৰেৰণ কৰে এই ৰিপ’ৰ্ট৷ প্ৰধানমন্ত্ৰীক জনোৱা অনুসৰি, কোভিডৰ তৃতীয় ঢৌত সৰ্বাধিক আক্ৰান্ত হ’ব শিশুসকল৷ তেনে পৰিপ্ৰেক্ষিতত শিশুসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় চিকিৎসক, স্বাস্থ্যকৰ্মী তথা স্বাস্থ্যখণ্ডত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ প্ৰদান কৰে বিশেষজ্ঞ কমিটীয়ে৷ আই আই টিৰ এক গৱেষণা অনুসৰি, অক্টোবৰত দেশৰ চৰম পৰ্যায়ত হ’ব কোভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ৷ পৰিস্থিতি জটিল হোৱাৰ পূৰ্বেই উপযুক্ত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰে স্বাস্থ্যখণ্ডক৷ শুকুৰবাবে জাইডাচ কেডিলাৰ কোভিড ভেকচিন ‘জাইকোভ-ডি’ ভাৰতে অনুমোদন প্ৰদান কৰে৷ প্ৰাপ্ত বয়স্ক আৰু ১২ ঊৰ্ধ্বৰ কিশোৰে ল’ব পাৰিব ৩টা ড’জৰ এই কোভিড ভেকচিন৷ ইয়াৰ উপৰি ছেপ্তেম্বৰৰ পৰা শিশুৰ বাবে ভাৰত বায়’টেকৰ কোভাক্সিন উপলব্ধ হ’ব ভাৰতত৷ ইতিমধ্যে কোভিডৰ তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিবৰ বাবে ভাৰতে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ