অসম লাইভ ২৪ঃ এগৰাকী দুৰ্ভগীয়া মহিলাৰ হৃদয়বিদাৰক কাহিনী৷ পতি আৰক্ষী বিভাগত কৰ্মৰত হোৱাৰ বাবেই ন্যায়ৰ পৰা বঞ্চিত দুৰ্ভগীয়া পত্নীগৰাকী৷ দৰঙত এগৰাকী আৰক্ষী জোৱানৰ অমানুষিক কাণ্ড তথা ঘটনা সন্দৰ্ভত আৰক্ষীৰ নিৰ্লিপ্ততাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ দৰঙৰ পানবাৰী আৰক্ষী চকীত কৰ্মৰত তুফাজ্জল মণ্ডল নামৰ আৰক্ষী জোৱানজনে নিজ পত্নীৰ ওপৰত চলোৱা শাৰিৰীক-মানসিক অত্যাচাৰ সন্দৰ্ভত ধূলা আৰক্ষী থানাত বাৰে বাৰে আবেদন জনোৱাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে৷ অভিযোগ অনুসৰি শাৰিৰীক তথা মানসিক অত্যাচাৰৰ ওপৰিও পৰকীয়া প্ৰেমৰ বাবেই নিজৰ পত্নীক চাৰিবাৰকৈ গৰ্ভপাত কৰায় তুফাজ্জল মণ্ডলে। কেৱল সেয়াই নহয় যৌতুক দাবীৰে পত্নীক হত্যাৰ অপচেষ্টা কৰে স্বামীৰ পৰিয়ালে। ঘটনা সন্দৰ্ভত ধূলা আৰক্ষী থানাত 265/21 U/S 498/(A) 312/325/307/34IPC ধাৰাত গোচৰ ৰুজু হয় যদিও ন্যায় নোপোৱাৰ অভিযোগ দুৰ্ভগীয়া পত্নীৰ। মহিলাগৰাকীক ন্যায় প্ৰদান কৰা পৰিৱৰ্তে অভিযুক্ত স্বামীক ৰক্ষণা-বেক্ষণ দিয়াৰহে অভিযোগ পত্নীৰ পৰিয়ালৰ৷ নাৰী সুৰক্ষাৰ বাবে বিভিন্ন আঁচনি তথা কাৰ্যপন্থাৰ নামত চৰকাৰে ঢাক-ঢোল বজালেও প্ৰকৃততে সুৰক্ষাৰ পৰা বঞ্চিত নাৰীসকল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ