ডিজিটেল ডেস্কঃ মাস্ক আৰু চেনিটাইজাৰৰ দিন আকৌ আহিল। পুনৰ বিধ্বংসী ৰূপত আহিছে কোভিডৰ লহৰ। শেহতীয়াকৈ দেশত কোভিডৰ নতুন ভেৰিয়েন্ট জে-ৱানত মৃত্যু হৈছে ৫গৰাকীকৈ ৰোগীৰ। যোৱা দেওবাৰৰ দিনটোত ৫গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ৰো অধিক লোকৰ দেহত দেওবাৰে ধৰা পৰে কোভিডৰ অৱস্থিতি। প্ৰাপ্ত খবৰ অনুসৰি, কোভিডৰ এই নতুন ভেৰিয়েন্টত মৃত্যু হোৱা ৫গৰাকী লোকৰেই বয়স ৭০ৰো অধিক। উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান দেশত সক্ৰিয় অৱস্থাত আছে ১৮২৮গৰাকী কোভিড ৰোগী।
কোভিডৰ এই নতুন ভেৰিয়েন্টত আক্ৰান্ত হলে স্বাস্থ্যৰ কিদৰে অৱনতি ঘটে বা কোভিডৰ নতুন ভেৰিয়েন্টৰ লক্ষণসমূহৰ বিষয়ে জানো আহকঃ
- এগৰাকী ব্যক্তি সঘনাই কাঁহি থাকে।
- এগৰাকী ব্যক্তিয়ে ভাগৰ ভাগৰ অনুভৱ কৰে।
- শৰীৰত প্ৰচণ্ড বিষ অনুভৱ কৰিব পাৰে এগৰাকী লোকে।
- ডিঙিৰ বিষটো ভুগিব পাৰে এগৰাকী ব্যক্তি।
- প্ৰচণ্ড চৰ্দিত আক্ৰান্ত হোৱাৰ লগতে উশাহ লোৱাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে।
কোভিডৰ প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি পালে অচিৰেই চৰকাৰে কিছু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলিও চৰ্চা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ