অসম লাইভ ২৪ঃ অলিম্পিকত ক্ৰিকেটৰ পুনৰ অন্তৰ্ভুক্তিৰ কুচ-কাৱাজ আৰম্ভ। ২০২৮ৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত হ’লে ভাৰতে অংশ ল’ব অলিম্পিকত। এই কথা সদৰী কৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সচিব জয় শ্বাহে। ইতিমধ্যে, ইণ্টাৰনেচনেল অলিম্পিক কমিটীক এই সন্দৰ্ভত প্ৰস্তাৱ আগবঢ়াইছে ইণ্টাৰনেচনেল ক্ৰিকেট কাউন্সিলে। এই ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে ভাৰতে। অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্তিত আগ্ৰহী ICC। জয় শ্বাহে কয়, ‘অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত হ’লেই ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা ক্ৰিকেট দলেই অংশ ল’ব অলিম্পিকত আৰু পদক লাভত ভাৰতৰ পূৰ্ণ সম্ভাৱনা আছে’। উল্লেখ্য যে পূৰ্বে ১৯০০ চনৰ পেৰিছ অলিম্পিকত অন্তৰ্ভুক্ত আছিল ক্ৰিকেট। বেলজিয়াম আৰু নেডাৰলেণ্ডৰ বিদায়ৰ পাছত টুৰ্ণামেণ্টত একমাত্ৰ মেচ ফাইনেল অনুষ্ঠিত হৈছিল। ফাইনেলত গ্ৰেট ব্ৰিটেইনৰ হাতত পৰাস্ত হৈছিল ফ্ৰান্স। তাৰ পাছৰে পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত ক্ৰিকেট খেল অনুষ্ঠিত হোৱা নাই। ক্ৰিকেটৰ পুনৰ অন্তৰ্ভুক্তি সন্দৰ্ভত বৰ্তমানলৈকে নিশ্চিত হোৱা নাই যদিও ২০২৮ৰ অলিম্পিকত অন্তৰ্ভুক্তিৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সচিব জয় শ্বাহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ