আজিৰে পৰা মহিলা বিশ্বকাপ, কেতিয়া খেলপথাৰত নামিব ভাৰতীয় দল
আজি ৩ অক্টোবৰৰ পৰা মহিলা বিশ্বকাপ ২০২৪। টুৰ্নামেণ্টৰ প্ৰথম দিনটোতেই দুখন কৈ খেল। দুবাইত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ আজিৰ প্ৰথম দিনটোৰ খেলত অৱতীৰ্ণ হব বাংলাদেশ বনাম স্কটলেণ্ড আৰু পাকিস্তান বনাম শ্ৰীলংকা।
প্ৰথমখন খেল বিয়লি ৩.৩০ বজাত বাংলাদেশ বনাম স্কটলেণ্ডৰ মাজত অনুষ্ঠিত হয়, য’ত বাংলাদেশে ১৬ ৰানত বিজয় সাব্যস্ত কৰে। আনহাতে দ্বিতীয়খন খেল সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হব পাকিস্তান বনাম শ্ৰীলংকাৰ মাজত।
এই প্ৰতিযোগিতাত টিম ইণ্ডিয়াৰ প্ৰথমখন খেল ৪ অক্টোবৰ দেওবাৰে অনুষ্ঠিত হ’ব। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰতীয় দলটোৱে। খেল খন সন্ধিয়া ৭.৩০বজাত হব।
আজিৰ পৰা আৰম্ভ হোৱা মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলখন অহা ২০ অক্টোবৰ দেওবাৰে অনুষ্ঠিত হ’ব। ১৮ দিনৰ ভিতৰত খেলা যাব মুঠ ২৩খন মেচ। ইয়াৰ পূৰ্বে এই প্ৰতিযোগিতাখন বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও তাত থকা পৰিস্থিতি বিবেচনা কৰি আইচিচিয়ে ইয়াৰ পৰা স্থানান্তৰ কৰাৰ সিদ্ধান্ত লয়। এই প্ৰতিযোগিতাৰ নৱম সংস্কৰণ।
দুটা গ্ৰুপত বিভক্ত এই প্ৰতিযোগিতাত মুঠ ১০ টা দলে অংশগ্ৰহণ কৰিছে। অষ্ট্ৰেলিয়া, ভাৰত, নিউজিলেণ্ড, পাকিস্তান আৰু শ্ৰীলংকাক গ্ৰুপ এত স্থান দিয়া হৈছে। আনহাতে বাংলাদেশ, ইংলেণ্ড, স্কটলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজক গ্ৰুপ বিত ৰখা হৈছে।
ভাৰতীয় দলটোৱে দুবাৰকৈ মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে যদিও দুয়োবাৰেই পৰাজয়ৰ সন্মুখীন হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে চেম্পিয়ন হোৱাৰ উদ্দেশ্যেৰে প্ৰৱেশ কৰিব হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















