বিগত বৰ্ষৰ জানুৱাৰীত ছৌদী আৰৱৰ আল নাছেৰ ক্লাবত যোগ দিছে ক্ৰিষ্টিয়ানো ৰোনাল্ডোয়ে৷ ৰোনাল্ডো এতিয়া ছৌদিৰ আটাইতকৈ নামী ফুটবলাৰ৷ সেই তালিকাত নেইমাৰ, কৰিম বেঞ্জেমাৰ পৰা এনগোলো কাণ্টেৰাও আছে৷ ছৌদি লিগ খেলা ফুটবলাৰসকলৰ দৰমহাৰ তালিকা সম্প্ৰতি ভাইৰেল হৈছে৷ দেখা গৈছে যে ৰোনাল্ডোৰ দৰমহা অন্য ফুটবলাৰৰ তুলনাত হাজাৰ গুণ বেছি৷ দ্বিতীয় স্থানত আছে নেইমাৰ৷
সম্প্ৰতি এটা সংস্থাই ছৌদি লিগ খেলা ফুটবলাৰৰ দৰমহাৰ তালিকা প্ৰকাশ পাইছে৷ দেখা গৈছে যে আল নাছেৰৰ পৰা ৰোনাল্ডোৱে বছৰত ২০ কোটি ইউৰো বা ১৮১৭ কোটি টকা দৰমহা পায়৷ নেইমাৰ আৰু বেঞ্জেমাই যুটীয়াভাৱে দ্বিতীয় স্থানত আছে৷ দুজনেই ১০ কোটি ইউৰো বা ৯০৮ কোটি টকা দৰমহা পায়৷
তৃতীয় স্থানত আছে মনচেষ্টাৰ চিটিৰ প্ৰাক্তন ফুটবলাৰ ৰিয়াদ মাহৰেজ৷ তেওঁ ৫.২৫ কোটি ইউৰো বা ৪৭৭ কোটি টকা দৰমহা পায়৷ পঞ্চম স্থানত থকা ছাদিয়ই পায় ৪ কোটি ইউৰো বা ৩৬৩ কোটি টকা৷ ছৌদি প্ৰিমিয়াৰ লিগে টকাৰ অংকত সমগ্ৰ বিশ্বত নিজৰ পৰাক্ৰম দেখুৱাইছে৷ আগন্তুক সময়ত বহু ফুটবলাৰে ছৌদিৰ ক্লাবসমূহলৈ খেলিবলৈ আহিব বুলিও আশা কৰিছে ছৌদিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















