৯০ খন টেষ্ট, ৩৫০খন এদিনীয়া মেচ আৰু ৯৮ খন টেষ্ট খেলিছে মহেন্দ্ৰ সিং ধোনীয়ে৷ মুঠ ৫৩৮ খন আন্তৰ্জাতিক মেচ খেলা ধোনীক এইবাৰো নিলামৰ পূৰ্বেই ধৰি ৰাখিলে চেন্নাই ছুপাৰ কিংছে৷ কিন্তু এইবাৰ নতুন নিয়মত৷ ঘৰোৱা ক্ৰিকেটাৰ হিচাপে তেওঁক ধৰি ৰাখিছে ৫বাৰৰ IPL জয়ী দল৷
মুঠ ৫জন ক্ৰিকেটাৰক ধৰি ৰাখিছে চেন্নাইয়ে৷ ৰুতুৰাজ গায়কোৱাড আৰু ৰবীন্দ্ৰ জাদেজাক দিয়া হৈছে ১৮ কোটি টকা৷ মাথিশা পাথিৰানাক দিয়া হৈছে ১৩ কোটি টকা৷ শিবম ডুবেক ১২ কোটি টকাৰে ধৰি ৰাখিছে চেন্নাই৷ ধোনীয়ে পাইছে ৪কোটি টকা৷
এইবাৰৰ IPL ক পূৰ্বে নতুন নিয়ম কৰিছে আইপিএলৰ গভৰ্নিং কাউন্সিলে৷ যি ক্ৰিকেটাৰে পাঁচ বছৰ পূৰ্বে অৱসৰ লৈছে তেওঁক ঘৰুৱা ক্ৰিকেটাৰ হিচাপে ধৰিছে কোনো দলে৷ শেষবাৰ ২০১৯ চনৰ ১৫ আগষ্টত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ধোনীয়ে৷ সেই হিচাপে তেওঁৰ অৱসৰ লোৱা পাঁচ বছৰতকৈয়ো বেছি হৈছে৷ সেয়ে তেওঁক ঘৰুৱা ক্ৰিকেটাৰ হিচাপে ধৰি ৰাখিছে চেন্নাই ছুপাৰ কিংছে৷
বিগত কেইবাবছৰ ধৰি ধোনীয়ে আইপিএলৰ পৰা অৱসৰ ল’ব বুলিও চৰ্চা চলি আছে৷ বিগত বৰ্ষত অধিনায়কত্বও এৰিছে ধোনীয়ে৷ নতুন অধিনায়ক হৈছে ৰুতুৰাজ গায়কোৱাড৷ ধোনীৰ অধিনায়ক পদ এৰাৰ সিদ্ধান্তৰ পৰা বুজা গৈছিল যে ধোনীৰ হয়তো সেই আইপিএলেই শেষ আইপিএল৷ কিন্তু এইবাৰো ধোনী আইপিএলত আছে৷ ৪৩ বছৰীয়া ধোনীয়ে সম্পূৰ্ণ আইপিএল খেলিব পাৰিবনে তাকে লৈ সংশয়ো আছে বাবেই তেওঁ নিজেই চেন্নাই ছুপাৰ কিংছৰ বিষয়ববীয়াসকলৰ সৈতে কথাও পাতিছে৷ ইয়াৰোপৰি বেছ কিছু ধন খৰচ যাতে তেওঁক লৈ নকৰে সেইবাবেই তেওঁ ঘৰোৱা ক্ৰিকেটাৰৰ তালিকাত থাকিব বিচাৰিছে৷ ঘৰুৱা ক্ৰিকেটাৰৰ বাবে সৰ্বনিম্ন ৪কোটি টকা খৰচ কৰিব দলসমূহে৷ সেই সুবিধা ধোনীয়ে চেন্নাই দলক নিজেই দিছে৷
এইবাৰৰ আইপিএলৰ নিলামত প্ৰতিটো দলৰ ওচৰত আছে ১২০কোটিকৈ টকা৷ পূৰ্বে সৰ্বাধিক ধন দি ৬জন ক্ৰিকেটাৰক ধৰি ৰাখিব তেওঁলোকে৷ তাৰমাজতেই সৰ্বাধিক পাঁচজন আন্তৰ্জাতিক মেচ খেলা ক্ৰিকেটাৰক ধৰি ৰাখিব৷ সৰ্বাধিক দুজন ঘৰুৱা ক্ৰিকেটাৰ ৰাখিব তেঁওলোকে৷ দেশী বিদেশী ক্ৰিকেটাৰৰ সংখ্যাক লৈ কোনো নিয়ম এইবাৰৰ আইপিএলত নাই৷ অৰ্থাৎ কোনো দলে বিচাৰিলে ৫জনো বিদেশী ক্ৰিকেটাৰ ৰাখিব পাৰে৷ আকৌ কোনো দলে বিচাৰিলে পাঁচজনো দেশী ক্ৰিকেটাৰক ধৰি ৰাখিব পাৰে৷ এই ৬জন ক্ৰিকেটাৰৰ ভিতৰত আইপিএলৰ প্ৰতিটো দলে অন্তত ৭৯ কোটি টকা খৰচ কৰিব লাগিব৷ কোন ক্ৰিকেটাৰক কিমান টকা দিব সেয়া দলসমূহৰ নিজা সিদ্ধান্ত৷ তাৰবাবে কোনো নিৰ্দিষ্ট নিয়ম নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ