অসম লাইভ২৪ঃ আহি আছে ঘূৰ্ণীবতাহ ‘মোকা’৷ পশ্চিমবংগ আৰু ওড়িশাত এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ বেছিকৈ পৰিব বুলিও জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক ৭ দিন ধৰি বতৰে ল’ব পাৰে কালৰূপ৷ দক্ষিণ পূব বঙ্গোপসাগৰত হোৱা নিম্নচাপৰ ফলতেই বতৰ বেয়া হ’ব পাৰে বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্রই৷ কিন্তু এই ঘূৰ্ণীবতাহক ‘মোকা’ নামকৰণ কৰাক লৈ বহুতেই উত্থাপন কৰিছে প্ৰশ্ন৷ বিশ্বৰ অন্যতম জনপ্ৰিয় কফিৰ নামেৰে কিয় নামকৰণ কৰা হৈছে এই ঘূৰ্ণীবতাহক বুলি সামাজিক মাধ্যমত উত্থাপিত হৈছে প্ৰশ্ন৷
বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ নিয়ম অনুসৰি, বিভিন্ন দেশে ঘূৰ্ণীবতাহৰ বিভিন্ন নাম দিয়ে। ‘মোকা’ৰ পূৰ্বে ‘ছিত্ৰাং’ আহিছিল৷ এই নাম দিছিল থাইলেণ্ডে৷ ইপিনে বৰ্তমান অহা ঘূৰ্ণী বতাহক ‘মোকা’ বুলি নামকৰণ কৰিছে আৰৱ সাগৰৰ প্ৰান্তত অৱস্থিত য়েমেন নামৰ দেশখনে৷ ‘মোকা’ নামৰ কোনো শব্দ নাই যদিও য়েমেনৰ বিজ্ঞানী দলে কৰামতে ‘মোখা’ নামৰ বন্দৰটোৰ পৰা ‘মোকা’ নামটো আহিছে৷
১৯ শতিকাত মোখা আছিল য়েমেনৰ ৰাজধানী আছিল৷ এই চহৰতেই বিখ্যাত ‘মোকা’ কফিৰ খেতিও হয়৷ কফিৰ নামেৰে নামকৰণ কৰা হৈছে এই চহৰৰ নামো৷ বহু বছৰ ধৰি মোখা বন্দৰেৰেই দেশ বিদেশলৈ ‘মোকা’ কফি ৰপ্তানিও হয়৷ শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা অনুযায়ী আগন্তুক ৪৮ ঘণ্টাত দক্ষিণ-পূব বঙ্গোপসাগৰত নিম্নচাপৰ সৃষ্টি হ’ব পাৰে৷ এই নিম্নচাপেই ঘূৰ্ণীবতাহলৈ ৰূপান্তৰো হ’ব পাৰে৷ ‘মোকা’ ৰ বাবেই অসমৰ বতৰো চলিত সপ্তাহত ডাৱৰীয়া থকাৰ লগতে ঠায়ে ঠায়ে বৰষুণ হোৱাৰো সম্ভাৱনা আছে৷ ৬ মে’ ৰ পৰা ১০ মে’ লৈ ৰাজ্যত তীব্ৰ বৃষ্টিপাতৰো আশংকা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ