ঘূৰ্ণীবতাহ ৰেমালৰ আতংক, সাৱধান হোৱাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ, ইতিমধ্যেই খুন্দিয়াইছে অসমৰ চুবুৰীয়া ৰাজ্যত
ঘূৰ্ণীবতাহ ৰেমালৰ আতংকত এতিয়া উত্তৰ পূৱ ভাৰত। তীব্ৰ বেগত পশ্চিমবংগ অভিমুখে আগবাঢ়িছে ঘূৰ্ণীবতাহ ৰেমাল। উপকূলীয় অঞ্চলত সতৰ্ক হৈ থকাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। লগতে উত্তৰ পূৱৰ ৰাজ্যসমূহতো সাৱধানবাণী, কেইবাখনতো পৰিব ডাঙৰ প্ৰভাৱ।
আইএমডিয়ে জনোৱা মতে, দেওবাৰে বাংলাদেশ আৰু সংলগ্ন বংগৰ উপকূলত ধুমুহাৰ ৰূপত প্ৰচণ্ড ঘূৰ্ণীবতাহ ‘ৰেমাল’ আহিব। ঘূৰ্ণীবতাহৰ বাবে ঘণ্টাত ১০২ কিলোমিটাৰ বেগত বতাহ বলিব পাৰে।
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ঘূৰ্ণীবতাহৰ ধুমুহা ৰেমালৰ বাবে ২৬-২৭ মে’ত উপকূলীয় জিলা পশ্চিম বংগ, উত্তৰ ওড়িশা, মিজোৰাম, ত্ৰিপুৰা আৰু দক্ষিণ মণিপুৰত অতি প্ৰবল বৰষুণ হ’ব পাৰে। অসমতো ইয়াৰ প্ৰৱল প্ৰভাৱ পৰিব।
আইএমডিয়ে সাগৰত মাছ ধৰিবলৈ যোৱা মাছমৰীয়াসকলক উপকূললৈ উভতি যাবলৈ আৰু ২৭ মে’লৈকে বংগ উপসাগৰলৈ নাযাবলৈ নিৰ্দেশ দিছে।
আইএমডিয়ে জনোৱা মতে, ২০২৪ চনৰ ২৭ মে’ত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ (১১৫.৫-২০৪.৫ মি.মি.) হ’ব পাৰে।
বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া মতে, ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা, দিল্লী আৰু পশ্চিম উত্তৰ প্ৰদেশৰ একাংশ অঞ্চলত তীব্ৰ গৰমৰ ঢৌৰ সম্ভাৱনা আছে।
২০২৪ চনৰ ২৭ মে’ত জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, পূব উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু বিদৰ্ভৰ বিভিন্ন স্থানত গৰমৰ ঢৌৰ ভৱিষ্যদ্বাণী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ