বৈদিক জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাশি নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ৷ কেতিয়াবা কেতিয়াবা গ্ৰহৰ ঘৰ সলনিয়ে ১২ ৰাশিৰ জীৱনত শুভ অশুভ প্ৰভাৱ পৰে৷ যেনেকৈ আজি মঙলৰ গোচৰত চাৰি ৰাশিৰ জীৱনলৈ ইতিবাচক সাল সলনি আহিব৷ জ্যোতিষশাস্ত্ৰত মঙলক সাহস, শক্তি আৰু বীৰত্বৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ কোষ্ঠীত মঙল অৰ্থাৎ সেনাপতি গ্ৰহ শক্তিশালী হ’লে ভাগ্য সকলো সময়তে কাষত থাকে৷ আৰু মঙলৰ অৱস্থান যদি শুভ হয় তেতিয়া জীৱনত উন্নতিৰ পথ প্ৰশস্ত হয়৷
আজি ২৭ ছেপ্টেম্বৰত পঞ্চমী৷ দেৱী দুৰ্গাৰ বোধনৰ পূৰ্বে গ্ৰহৰ অধিপতি মঙলে তাৰ নিজস্ব ৰাশি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব৷ ফলত ৰুচক ৰাজযোগ তৈয়াৰ হ’ব৷ জ্যোতিষশাস্ত্ৰত এই ৰাজযোগক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কোৱা হয়৷ ৰুচক ৰাজযোগৰ প্ৰভাৱত ভাগ্যৰ চকা ঘুৰিব পাঁচ ৰাশিৰ৷ অৰ্থ যশ, খ্যাতিৰে ভৰিব সেইসমূহ ৰাশিৰ জাতক জাতিকাৰ জীৱন৷ তালিকাত আপুনিও আছে নেকি?
কৰ্কট ৰাশি
ৰুচক ৰাজযোগে কৰ্কট ৰাশিৰ জাতকৰ জীৱনলৈ শুভ সময় কঢ়িয়াই আনিব৷ ব্যক্তিগত আৰু পেছাগত জীৱনত উন্নতিৰ সুযোগ পাব৷ কৰ্মজীৱনত সাফল্য আহিব৷ অফিচত ঊৰ্ধতন কৰ্মকৰ্তাসকলৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷ ব্যৱসায়ীয়ে ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে৷ অৰ্থ উপাৰ্জনৰ নতুন সুযোগ তৈয়াৰ হব৷ পুৰণি বিনিয়োগৰ পৰা লাভৱান হব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷
সিংহ ৰাশি
মঙলৰ গোচৰ সিংহ ৰাশিৰ বাবে লাভজনক হব৷ যিকোনো কামত সাফল্যৰ যোগ আছে৷ সুখ স্বাচ্ছন্দ্য বৃদ্ধি পাব৷ বাহন ক্ৰয়ৰ পৰিকল্পনা বাস্তবায়িত হব পাৰে৷ নিজৰ কাম আৰু আচৰণেৰে সকলোৰে মন জয় কৰিব৷ সমাজত সন্মান বাঢ়িব৷ পৈতৃক সম্পত্তিৰ উত্তৰাধিকাৰ হব পাৰে৷ সংগীৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷
বৃশ্চিক ৰাশি
ৰুচক ৰাজযোগত বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনলৈ সুদিন আহিব৷ আত্মবিশ্বাস ব্যাপকভাৱে বাঢ়িব৷ ব্যক্তিগত আৰু পেছাগত জীৱনত উন্নতিৰ ৰাস্তা খুলিব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব৷ বিবাহিত জীৱনলৈ সুখ আহিব৷ সন্তান সম্পৰ্কীয় সুখবৰ পাব৷
মকৰ ৰাশি
পূজা ৰুচক ৰাজযোগৰ প্ৰভাৱত মকৰ ৰাশিয়ে ভাল সময় কটাব৷ যিসকলে নতুন চাকৰি বিচাৰিছে তেওঁলোকৰ যোগ্যতা আৰু প্ৰত্যাশাৰ সৈতে সংগতিপূৰ্ণ চাকৰি লাভ কৰিব৷ চাকৰি সলনিৰো সুযোগ আহিব পাৰে৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহায়তা লাভ কৰিব৷ ব্যৱসায়ীয়ে লাভৰ মুখ দেখিব৷ নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ কৰ্মসূত্ৰে বিদেশলৈ যোৱাৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















