• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মই মুখ্যমন্ত্ৰী হিচাপে প্ৰতিশ্ৰুতি দিছো, শ্যামকানু, সিদ্ধাৰ্থৰ দৰে ব্যক্তিৰ ওচৰত শিৰনত নকৰো, এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰতহে শিৰনত কৰিব

মই মুখ্যমন্ত্ৰী হিচাপে প্ৰতিশ্ৰুতি দিছো, শ্যামকানু, সিদ্ধাৰ্থৰ দৰে ব্যক্তিৰ ওচৰত শিৰনত নকৰো, এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰতহে শিৰনত কৰিব

1 year ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

39 minutes ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

1 hour ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

3 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

4 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

5 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

6 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

6 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

7 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মই মুখ্যমন্ত্ৰী হিচাপে প্ৰতিশ্ৰুতি দিছো, শ্যামকানু, সিদ্ধাৰ্থৰ দৰে ব্যক্তিৰ ওচৰত শিৰনত নকৰো, এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰতহে শিৰনত কৰিব

মই মুখ্যমন্ত্ৰী হিচাপে প্ৰতিশ্ৰুতি দিছো, শ্যামকানু, সিদ্ধাৰ্থৰ দৰে ব্যক্তিৰ ওচৰত শিৰনত নকৰো, এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰতহে শিৰনত কৰিব

editor by editor
September 27, 2025
in জীৱনশৈলী
0
মই মুখ্যমন্ত্ৰী হিচাপে প্ৰতিশ্ৰুতি দিছো, শ্যামকানু, সিদ্ধাৰ্থৰ দৰে ব্যক্তিৰ ওচৰত শিৰনত নকৰো, এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰতহে শিৰনত কৰিব
0
SHARES
555
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখ্যমন্ত্ৰীয়ে ফেছবুক লাইভযোগে কৰিছে কেইবাটাও মন্তব্য৷ মুখ্যমন্ত্ৰীয়ে কৈছে- বিটিচিৰ নিৰ্বাচন সম্পূৰ্ণ হ’ল৷ এইবাৰ প্ৰথমবাৰৰ বাবে বড়োলেণ্ড নিৰ্বাচনত কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই৷ মই বড়োভূমিৰ ৰাইজক ইয়াৰ বাবে অভিনন্দন জনাইছো৷ ইয়াৰোপৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীকো আমি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজয় সাবস্ত্য কৰাৰ বাবে অভিনন্দন জনাইছো৷ আমি জুবিনৰ মৃত্যুৰ বিষয়ক লৈ ব্যস্ত থকাৰ বাবে নিৰ্বাচনত বিশেষ প্ৰচাৰো চলাব নোৱাৰিলো৷

আমি কৰ্তব্যৰ আহ্বানৰ বাবে কিছু ছীট হেৰুৱালো৷ কিন্তু আমাৰ এই ত্যাগৰ বাবেই জুবিনৰ শেষযাত্ৰাৰ অনুষ্ঠানত কোনো গাফিলতি হোৱা নাই৷ আমি এই পৰাজয়ক স্বীকাৰ কৰিছো৷ ইয়াৰমাজতো যিসকলে ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত আস্থা ৰাখি ভোট প্ৰদান কৰিলে সকলোৰে ওচৰত মই কৃতজ্ঞ৷ আকাংশিত ফল নাপালেও আমি অৰুণোদয় আঁচনি বা আন যি আঁচনি আছে আমি সকলোখিনি দি যাম৷

জুবিন প্ৰসংগত কয়- ৬ বছৰ পূৰ্বেই এদিন মই কৈছিলো, জুবিনক পৰিচালিত কৰা ব্যক্তিসকলে জুবিনক ধ্বংসৰ পথলৈ লৈ গৈছে৷ জুবিন আমাৰ জাতীয় সম্পদ৷ বিষ্ণু, জ্যোতি, ভূপেন হাজৰিকাৰ পাছতেই জুবিন৷ মই জুবিনক জীৱিত কালতেই সেই কথা জনাইছো৷ জুবিনৰ প্ৰতি মই কৃতজ্ঞও৷ জুবিনে মোৰ দেউতাৰ এটা গীতো বাণীবদ্ধ কৰিছে৷ এজন পুত্ৰ হিচাপে মই খুবেই গৌৰৱাম্বিত আছিলো৷ জুবিনৰ যাত্ৰাৰ সংগী হোৱাৰ সুযোগ পালে মই কেতিয়াও তাৰপৰা আঁতৰি থকা নাছিলো৷ জুবিনৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ সময়ৰ মই সাক্ষী আছিলো৷ কোনো এজন জুবিন অনুৰাগীতকৈ মই নিজকে কম অনুৰাগী বুলি নাভাৱো৷ জুবিনক ভালপোৱা আমাৰ সকলোৰে অধিকাৰ আছে৷ জুবিনক আমি জীয়াই ৰাখিম সংস্কৃতিৰে৷

জুবিনৰ ন্যায় বিষয়ত কয়- শ্যামকানু, সিদ্ধাৰ্থ আৰু প্ৰৱাসী অসমীয়াকেইজনক আমি বহু কথা সুধিব লাগিব৷ সিদ্ধাৰ্থ আৰু শ্যামকানুক মই কৈছো, জনতাৰ ধৈৰ্য্যৰ সৈতে নেখেলিব৷ পূজাৰ দিনকেইটাত আমি আপোনালোকক বিচৰা নাই৷ দশমীৰ পিছত আহক৷ ফেছবুক পোষ্ট, ভিডিঅ কৰি হাৰিব নোৱাৰিব৷ যদি নিৰ্দোষী আপোনালোক সাহসেৰে আহক৷ চিআইডিক জনাওক৷ আদালতত জনাওক৷ ৰাইজৰ ক্ষোভৰ সৈতে খেলা নকৰিব৷ মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সঁকীয়নি দিছো৷ আপোনালোকে ৬ অক্টোবৰত গুৱাহাটীলৈ আহি নিজৰ মন্তব্য আগবঢ়াওক৷ মই সকলোকে স্পষ্ট কৰি দিব খুজিছো৷ মই অসমবাসীক কভিড, বানপানী কতোৱেই এৰা নাই৷ অসমৰ জনতাই জুবিনৰ ন্যায়ৰ বাবে আন্দোলন কৰিছে মইয়ো তাৰ পৰা পৃথক নহয়৷ জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব লৈছো বুলি মই প্ৰতিশ্ৰুতি দিছো৷ আছামী কেতিয়াবা দুটা দিন পলাই থাকে কিন্তু আইনৰ হাত বহুত দীঘল৷ আইনে কেনেকৈ আগবাঢ়িব লাগে জানে৷ আইনে কাকো ৰেহাই নিদিয়ে৷ মই এই দায়িত্ব কৰ্তব্যনিষ্ঠাৰে পালন কৰিম৷ অসম পুলিছ কিমান শক্তিশালী সেই প্ৰমাণ দি আহিছে৷ এইখন চৰকাৰে জুবিনক ন্যায় দিবই৷ এইখন চৰকাৰে শ্যামকানু, সিদ্ধাৰ্থৰ দৰে ব্যক্তিৰ ওচৰত শিৰনত নকৰে৷ এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰতহে শিৰনত কৰিব৷ সিদ্ধাৰ্থ, শ্যামকানুৱে বৃথা প্ৰচেষ্টা চলাই লাভ নাই৷ আমি আইনৰ বাহিৰত গৈ শাস্তি দিয়াটো নিবিচাৰো৷ কিন্তু আইনৰ পৰা নপলাব, আপোনালোক হাৰি নাযায়৷ চৰকাৰ মনে মনে নাথাকে৷

এইখন জুবিনৰ অসম৷ এইখন আমাৰ জননী, জন্মভূমি৷ এইখন অসমক আমি নেপাল কৰিব নোৱাৰো৷ কেইদিনমান ধৰি ছচিয়েল মিডিয়াত নেপালৰ উদাহৰণ দিয়া হৈছে৷ ইয়াত আমি চিলাৰায়ৰ উদাহৰণহে দিম৷ নেপালৰ উদাহৰণেৰে অসম নচলে৷ ইয়াত তেনে ঘটনা হলে জুবিনে আঘাত পাব৷ জুবিনৰ ন্যায় বিচাৰি আন্দোলন কৰা দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰিছে৷ অজয় ফুকনক লৈ জুবিনে জীৱন্ত কালতেই কৈ গৈছে, এই মানুহজনৰ লগত মোৰ কোনো সম্পৰ্ক নাই৷ আনহাতে ভিক্টৰ দাস৷ ভিক্টৰে এজনী সহজ সৰল ছোৱালীক মাৰি চৰ্চাত আহিছিল৷ জুবিনেও এই কাম ভালপোৱা নাছিল৷ জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হব নোৱাৰে৷ জুবিনৰ নামত অসমক নেপাল কৰিব নোৱাৰো৷ জুবিনৰ বাবে অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব লাগিব৷ অসমক নেপাল নকৰিব৷ মই হাতযোৰ কৰি কৈছো৷ হিংসাই কাকো ন্যায় নিদিয়ে৷ আইনেহে ন্যায় দিব৷ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই প্ৰতিশ্ৰুতি দিছো৷ শেখৰ, সিদ্ধাৰ্থ, শ্যামকানুক বিচাৰ নোহোৱাকৈ হাতৰ পৰা ওলাই যাব নিদিও৷ আপোনালোকে নিজে আইন হাতত তুলি নল’ব৷

ইতিমধ্যেই সিদ্ধাৰ্থৰ এটিএম, ক্ৰেডিট কাৰ্ড ফ্ৰিজ কৰা হৈছে৷ বেছিদিন পলাই থাকিব নোৱাৰে৷ ৩ কোটি জনতাৰ প্ৰতিনিধি হিচাপে মই জুবিনৰ ন্যায় দিয়াত গাফিলতি নকৰো৷ জুবিনৰ হকে কাম কৰিব পৰা চৰকাৰ আৰু মুখ্যমন্ত্ৰী আছে৷ মই যদি বিফল হওঁ মোক আপোনালোকে শাস্তি দিব৷ মই সেই শাস্তি মানি লম৷ মই মোৰ লক্ষ্যত অটল হৈ আছো৷ লক্ষ্যত অটল হৈ থাকিয়েই মই কাম কৰি যাব৷ ময়েই নহয় অখিল গগৈয়েও শ্যামকানুৰ লগত ফটো উঠিছে৷ আমি সামাজিক ব্যক্তি হিচাপে কাৰোবাক কাৰোবাক লগ পাওঁ ফটো উঠো৷ অপৰাধীক সহায় কৰাটো অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব নহয়৷ আমি সমাজক সন্তুষ্ট কৰিবই লাগিব৷ মই এটাই অনুৰোধ কৰিছো অসমক নেপাল কৰিম নকব৷ বহু কষ্টেৰে এইখন অসম গঢ়া হৈছে৷ এইখন অসম উন্নতিৰ পথেৰে আগুৱাই৷ এই অসম বিকাশৰ পথেৰে আগুৱাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
Next Post
শৰীৰত কেলছিয়ামৰ অভাৱ হ’লে কি কি ৰোগে দেখা দিব পাৰে? কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ শৰীৰত কেলছিয়ামৰ ঘাটি আছে?

শৰীৰত কেলছিয়ামৰ অভাৱ হ’লে কি কি ৰোগে দেখা দিব পাৰে? কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ শৰীৰত কেলছিয়ামৰ ঘাটি আছে?

নৱমীৰে আৰম্ভ হ’ব অক্টোবৰ মাহ! লাকী কোন কোন ৰাশি?

নৱমীৰে আৰম্ভ হ’ব অক্টোবৰ মাহ! লাকী কোন কোন ৰাশি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.