মৃতকৰ সংখ্যা ৫৭ লৈ বৃদ্ধি, ৬৭ গৰাকী বৰ্তমানেও সন্ধানহীন, ৩২ হাজাৰ লোকক স্থানান্তৰিত
ব্ৰলিজিলৰ পৰিস্থিতি এতিয়াও ভাললৈ অহা নাই। ৰিঅ’ গ্ৰেণ্ডে ডু চুলৰ নাগৰিক সুৰক্ষা কৰ্তৃপক্ষই জনোৱা মতে, এতিয়াও ৬৭ জন লোক নিৰুদ্দেশ হৈ আছে। ৩২ হাজাৰৰো অধিক লোক স্থানান্তৰিত হৈছে। ৰাজ্যখনৰ ৪৯৭খন চহৰৰ দুই তৃতীয়াংশ চহৰৰ এই ধুমুহাই ক্ষতিগ্ৰস্ত কৰিছে। বানপানীয়ে বহু অঞ্চলৰ পথ আৰু দলং ধ্বংস কৰিছে।
ব্ৰাজিলৰ দক্ষিণৰ ৰিঅ’ গ্ৰেণ্ডে ড’ ছুল ৰাজ্যত হোৱা মুষলধাৰ বৰষুণৰ ফলত মৃত্যুৰ সংখ্যা ৫৭লৈ বৃদ্ধি পাইছে। উৰুগুৱে আৰু আৰ্জেণ্টিনাৰ সীমান্তৱৰ্তী ৰাজ্য ৰিঅ’ গ্ৰেণ্ডে ডু ছুলৰ নাগৰিক সুৰক্ষা কৰ্তৃপক্ষই জনোৱা মতে, এতিয়াও ৬৭ জন লোক নিৰুদ্দেশ হৈ আছে।
ৰাজ্যখনৰ ৪৯৭খন চহৰৰ দুই তৃতীয়াংশ চহৰৰ এই ধুমুহাই ক্ষতিগ্ৰস্ত কৰিছে। বানপানীয়ে বহু অঞ্চলৰ পথ আৰু দলং ধ্বংস কৰে। ভূমিস্খলনৰ ফলত এটা সৰু জলবিদ্যুৎ শক্তি কেন্দ্ৰৰ এটা বান্ধৰ আংশিক ক্ষতি হয়। বেণ্টো গনছালভেছ চহৰৰ দ্বিতীয়টো মথাউৰিও ভাঙি যোৱাৰ আশংকা আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
ৰিঅ’ গ্ৰেণ্ডে ড’ ছুলৰ ৰাজধানী পৰ্টো আলেগ্ৰেৰ গুয়াইবা হ্ৰদত পানী বৃদ্ধি পাই ৰাস্তা-ঘাট বানপানীত ডুব গৈছে। পৰ্টো আলেগ্ৰেৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে অনিৰ্দিষ্টকাললৈ সকলো বিমান সেৱা বন্ধ কৰি দিছে। ৰাজ্যখনৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ছয়ত্ৰিশ ঘন্টাত ৰিঅ’ গ্ৰেণ্ডে ড’ ছুলৰ উত্তৰ আৰু উত্তৰ-পূব অঞ্চলত বৰষুণৰ সম্ভাৱনা আছে। অৱশ্যে বৰষুণৰ পৰিমাণ পূৰ্বতকৈ কমি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ