সন্ধান ওলাল শ্ৰদ্ধাৰ কটা মূৰৰ!
location জনালে প্ৰেমিকৰূপী আফতাবে!
আৰক্ষীয়ে যোৱা ৩ দিন ধৰি মহৰোলী জংঘলত তদন্ত অভিযান চলাই আছিল। তৃতীয় দিনটোত আৰক্ষীয়ে মূৰৰ কিছুমান অংশ আৰু শৰীৰৰ কিছুমান অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা হাড়সমূহ ফৰেঞ্চিকৰ বাবে চিকিত্সলয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।
শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্ত এতিয়া জোৰদাৰভাৱে চলাই আছে আৰক্ষীয়ে। দিল্লীৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰ, হিমাচললৈ তদন্ত অব্যাহত ৰাখিছে । বৰ্তমানলৈ আৰক্ষীয়ে আফতাবৰ ফ্লেটৰ পৰা আৰম্ভ কৰি মহৰোলী জংঘললৈহে তদন্ত চলাই আছিল। কিন্তু হঠাতে আৰক্ষীয়ে দেওবাৰে মৈদানগড়ীত উপস্থিত হয় তাত থকা মৈদানগঢ়ী পুখুৰীটো খালী কৰোৱাৰ নিৰ্দেশ প্ৰদান কৰে। সূত্ৰ অনুসৰি, আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত আফতাবে শ্ৰদ্ধাৰ মূৰটো সেই পুখুৰীটোতে পেলাই দিছিল বুলি সোধা-পোছাত স্বীকাৰ কৰিছিল প্ৰেমিকৰূপী আফতাবে।
দিল্লী আৰক্ষী ততালিকে সেই স্থানত উপস্থিত হৈ MCD কৰ্মচাৰীক পুখুৰীটোৰ পৰা পানী উলিয়াই খালী কৰোৱাৰ নিৰ্দেশ প্ৰদান কৰে। গাঁওখনৰ RWAৰ অধ্যক্ষ মহাবীৰ প্ৰধানে জানিবলৈ দিয়া অনুসৰি পুখুৰীটোত শৰীৰৰ বহুকেইটা অংশ উদ্ধাৰ হৈছে। আশে-পাশে থকা অঞ্চলসমূহত এই পুখুৰীটোৰ পানীয়েই বিতৰণ কৰা হয়। পুখুৰীটোৰ পানী খালী নকৰোৱাকৈ শ্ৰদ্ধাৰ দেহৰ অংগ উদ্ধাৰ কৰিব পৰা যায় যদিও পুখুৰীটোৰ পানী খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰে অঞ্চলটোৰ স্থানীয় ৰাইজৰ বাবে।
ইফালে আৰক্ষীৰ মহৰোলী জংঘলটো সন্ধান অব্যাহত। হত্যাকাৰী প্ৰেমিক আফতাৱে এই জংঘলতে প্ৰেমিকাৰ শ্ৰদ্ধাৰ দেহৰ অংগ টুকুৰা-টুকুৰা কৰি পেলাইছিল। বৰ্তমানলৈ আৰক্ষীয়ে শ্ৰদ্ধাৰ দেহৰ ১৭ টুকুৰা অংশ আৰু মূৰৰ কিছুমান অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য আফতাৱে ১৮ মে’ত শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল। ইয়াৰ পিছত মৃতদেহটো ৩৫টা টুকুৰা কৰি ফ্ৰীজত ৰাখি থৈছিল । তাৰ পিছত প্ৰেমিক আফতাৱে প্ৰতি নিশা মৃতেদেহৰ টুকুৰাবিলাক ফ্ৰীজৰ পৰা উলিয়াই মহৰোলী জংঘলত পেলাই দিছিল। প্ৰায় ২০ দিনলৈ আফতাৱে জংঘলত মৃতদেহৰ টুকুৰা পেলাই দিয়াৰ কাম কৰি আছিল।
কেৱল ইমানেই নহয় প্ৰেমিক আফতাৱে শ্ৰদ্ধাক ইমানেই ঘৃণা কৰিছিল যে তাইক হত্যা কৰাৰ পিছত তাইৰ প্ৰতিখন ফটো জ্বলাই দিছিল। আগন্তুক সময়ত হে লক্ষণীয় হ’ব যে শ্ৰদ্ধাৰ হত্যাকাণ্ডৰ ঘটনাটোৰ তদন্তত আৰক্ষী কিমানদূৰ সফল হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















