ডিচেম্বৰৰ নতুন সপ্তাহ আৰম্ভ হৈছে ৮ ডিচেম্বৰত অৰ্থাৎ আজি৷ ১৪ ডিচেম্বৰলৈতে এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ চলন বিশেষভাৱে অনুকুল হৈ থাকিব চাৰি জীৱন৷ জ্যোতিষবিদে জনাইছে যে আৰ্থিক উন্নতিৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, আনকি কৰ্মজীৱনত থকা পুৰণি বাধাও দূৰ হৈ নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে৷ কোন কোন ৰাশিৰ শুভ সময়? জানি থওক তালিকাত কোন কোন আছে?
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে এই সপ্তাহ যেন কৰ্মোদ্যমৰ নৱজাগৰণ৷ অৰ্থলাভৰ পৰিষ্কাৰ ইংগিত পোৱা গৈছে৷ কম দূৰত্বৰ যাত্ৰাৰ যোগ আছে৷ পৰিয়ালত কোনো শুভ অনুষ্ঠান আয়োজনৰো সম্ভাৱনা আছে৷ চাকৰি আৰু ব্যৱসায়ত যিসমূহ বাধা আছিল সেইসমূহ দূৰ হব৷ নতুন সুযোগ সন্মুখত খুলিব৷ স্বাস্থ্য সম্পৰ্কে সতৰ্কতা অৱলম্বন কৰা জৰুৰি৷ বিশেষকৈ খোৱাবোৱাৰ ক্ষেত্ৰত৷ এই সময়ত খাদ্যদ্ৰব্য দান কৰিলে শুভফল লাভ কৰিব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ বাবে এই সপ্তাহত অৰ্থভাগ্য উভতিব৷ আৰ্থিক চাপ কমিব, পুৰণি দুশ্চিন্তা দূৰ হব৷ কৰ্মক্ষেত্ৰত স্থবিৰতা কাটি যাব আৰু সহকৰ্মী বা বন্ধুৰ সহযোগিতা দূৰ হব৷ শাৰীৰিকভাৱে ফিট থাকিবলৈ হলে নিয়ম শৃংখলা বজায় ৰখা জৰুৰী৷ অৰ্থ বা খাদ্যদ্ৰব্য দানে ইতিবাচক এনাৰ্জি আনি দিব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ বাবে ই সফলতাৰ সপ্তাহ৷ ৰৈ থকা গুৰুত্বপূৰ্ণ কামসমূহ সম্পন্ন হব৷ অৰ্থলাভৰ সম্ভাৱনাও আছে৷ ছাত্ৰ ছাত্ৰীসকলে সাফল্য লাভ কৰিব৷ সন্মান বা পদোন্নতিৰ যোগ আছে৷ বাহিৰত কৰোবালৈ যাবলগীয়া থাকিলে উপকাৰী হব পাৰে৷ খাদ্য বা শস্য দান কৰিলে সৌভাগ্যৰ পথ আৰু মসৃণ হ’ব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে অৰ্থলাভৰ সময়৷ আয় বাঢ়িব৷ আৰ্থিক স্থিতি শক্তিশালী হব৷ দাম্পত্যত সম্পৰ্কৰ ভুল বুজাবুজি এৰাই চলিবলৈ বাক্য সংযম জৰুৰী৷ খাদ্যভাষত সতৰ্কতা ৰাখি চলিলে স্বাস্থ্যৰ উন্নতি হব৷ কৰ্মজীৱনত থকা জটিলতা দূৰ হব৷ অৰ্থদানত সৌভাগ্য আৰু বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















