‘পুনম মোৰ সপোনৰ পৰী… তাইক কাষত পাই নিজকে স্থিৰ কৰি কেনেকৈ ৰাখো৷ পুনমক মই ভালপাওঁ৷’ চুম্বন কাণ্ডৰ দুদিন পাছতেই অভিনেত্ৰী পুনমক লৈ নিজৰ অনুভূতিৰ কথা প্ৰকাশ কৰিলে চুম্বন কৰা যুৱকে৷ যুৱকৰ নাম দীপক৷ ছেলফি তোলাৰ আবদাৰ কৰি পুনমৰ গালত তেওঁ চুম্বন কৰিছিল৷ দীপকক এই সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল৷ কিয় পুনমক চুম্বন কৰিলে দীপকে?
দীপকে সেই প্ৰশ্নৰ উত্তৰত কয়, ‘ইয়াত দোষ কি কৰিছো? সপোনত যাৰ দৈনিক অহা যোৱা তেওঁক বাস্তৱত কাষত পালে এনেকুৱা ঘটনা ঘটিবই৷’ নিজৰ আচৰণক লৈ বিন্দুমাত্ৰও অনুশোচনা নাই৷ নস্যাৎ কৰিছে পূৰ্বপৰিকল্পিত ঘটনাৰ কথাও৷ দাবী, আগন্তুক প্ৰস্তুতি থাকে ইয়াতকৈ আৰু বেছি কিবা ঘটনাই কৰিলোহেতেন৷
দুই দিন পূৰ্বে ছবি তোলাৰ বাহানাৰে পুনমৰ ঘনিষ্ঠ হোৱাৰ চেষ্টা কৰিছিল এজন পুৰুষ অনুৰাগীয়ে৷ সামাজিকমাধ্যমত সেই ভিডিঅ’ দেখি নেটনাগৰিকে বিৰক্তি প্ৰকাশ কৰিছিল৷ এই ধৰণৰ আচৰণৰ প্ৰতিবাদ জনাইছিল বহুজনেই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ