দিল্লী বিধানসভাত দাখিল হ’ব কেগৰ দ্বিতীয়খন প্ৰতিবেদন, কেজৰিৱাল পৰিব পাৰে বিপদত
আজি দিল্লী বিধানসভাত CAG ৰ দ্বিতীয়টো ৰিপোৰ্ট দাখিল কৰিবলৈ গৈ আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এই ৰিপোৰ্টৰ পাছত বিপদত পৰিব পাৰে। প্ৰথম প্ৰতিবেদনত দিল্লী সুৰা কেলেংকাৰীক লৈ বিজেপিয়ে কেজৰিৱালক শলঠেকত পেলাইছিল।
প্ৰতিবেদনখন পিএচিলৈ প্ৰেৰণ কৰা হৈছে, গতিকে কেগৰ ১৪টা বাকী থকা প্ৰতিবেদনৰ ভিতৰত আজি দ্বিতীয়খন প্ৰতিবেদনৰ পাল। আজি কেজৰিৱালৰ আম আদমী পাৰ্টিৰ কাৰ্যকালত দিল্লীৰ স্বাস্থ্যসেৱাৰ সুবিধা সন্দৰ্ভত কেগৰ প্ৰতিবেদন প্ৰকাশ পাব য’ত মহল্লা ক্লিনিকৰ অনিয়ম উন্মোচন হ’বলৈ গৈ আছে।
আনহাতে উপ-ৰাজ্যপালৰ ভাষণৰ সময়ত হুলস্থুল সৃষ্টি কৰাৰ অভিযোগত বহিষ্কৃত হোৱা ২১জন আপৰ বিধায়কে বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীৰ সৈতে বিধানসভাৰ গেটৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে আজি আম আদমী পাৰ্টিৰ বিধায়কসকলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি অভিযোগ কৰিবলৈ ওলাইছে।
দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’বলগীয়া আজিৰ বিধানসভা অধিৱেশনত কেজৰিৱালত দ্বিতীয়বাৰৰ বাবে আক্ৰমণ কৰিবলৈ ওলাইছে কেগে। আজি CAG ৰ দ্বিতীয়টো প্ৰতিবেদন দাখিল কৰা হ’ব য’ত স্বাস্থ্য বিভাগত সংঘটিত হোৱা অনিয়মৰ কথা পোহৰলৈ আহিব পাৰে। চিকিৎসালয় আৰু মহল্লা ক্লিনিকতো সংঘটিত হোৱা অনিয়ম পোহৰলৈ আহিব। কেজৰিৱাল চৰকাৰৰ কাৰ্যকালৰ মুঠ ১৪টা বাকী থকা কেগৰ প্ৰতিবেদন সদনত উত্থাপন হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ