দেৱীক সন্তষ্ট কৰাৰ নামত মাক-ভয়েককেই …জ্যেষ্ঠ পুত্ৰক আটক আৰক্ষীৰ
দেৱীক কোনে কৰিব সন্তুষ্ট, তাকে লৈ মাক আৰু দুই পুত্ৰৰ মাজত কাজিয়া। শেষত জ্যেষ্ঠ পুত্ৰই চুৰিৰে আক্ৰমণ কৰি হত্যা কৰি দিলে মাক আৰু ভয়েকক। ঘটনাৰ পাছত আৰক্ষীয়ে প্ৰমাণ সহকাৰে আটক কৰিলে হত্যাকাৰীক।
ৰাজধানী দিল্লীৰ দ্বাৰকা নগৰৰ এই লোমহৰ্ষক ঘটনা। ঘটনাৰ বিষয়ে জানিব পৰা অনুসৰি এখন ঘৰত দেৱী পূজা চলি আছিল। পূজাৰ শেষত দেৱীক সন্তুষ্ট কৰাৰ বাবে বলি দিয়াৰ কথাও আছিল।
পাছে কোনে দিব বলি। তাকে লৈ মাক আৰু দুজন পুত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। বহু কাজিয়াৰ অন্তত ডাঙৰ পুত্ৰই এখন চুৰিৰে আক্ৰমণ কৰি দিয়ে মাকৰ লগতে সৰু ভায়েককো। যি আক্ৰমণৰ ফলতে মৃত্যু হয় মাতৃ আৰু ভাতৃৰ।
ঘটনাৰ বিষয়ে খবৰ লাভৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰৰ লগতে হত্যাকাৰী পুত্ৰক আটক কৰে। লগতে উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যৱহৃত সামগ্ৰীয়ো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ