ISROৰ পুনৰ সফলতা, দেশৰ প্ৰথম ৰিইউজুৱেল ‘পুষ্পক’ বাহনৰ সফল পৰীক্ষণ
দেশৰ মহাকাশ সন্থা ইছৰোৰ পুনৰ আন এক সফলতা। আজি পুৱা কৰ্নাটকৰ ৰানৱেৰ পৰা সফলতাৰে পৰীক্ষা কৰে পূৰ্ৱ ব্যৱহৃত ৰকেট লঞ্চ কৰা বাহন (ৰকেট) ইছৰোই।
কৰ্নাটকৰ চিত্ৰদুৰ্গৰ সমীপত এৰোনটিকেল টেষ্ট পুৱা ৭ বাজি ১০ মিনিটত সফলতাৰে কৰে। এয়া আছিল শৃংখলাটোৰ দ্বিতীয়টো সফল পৰীক্ষা। আজিৰ এই পৰীক্ষণ থলীত ইছৰোৰ অধ্যক্ষ এছ সোমনাথ আৰু অন্য জ্যেষ্ঠ অধিকাৰী উপস্থিত আছিল।
এই সফল পৰীক্ষাৰ পাছতে ইছৰোই এক্স(টুইটাৰ)যোগে কয় যে,- ইছৰোই পুনৰ এবাৰ কাম কৰি দেখুৱালে।
https://x.com/isro/status/1770998585003512045?s=20
পুষ্পকৰ এই সফল অৱতৰণৰ বিষয়ে ইছৰোই জানিবলৈ দিয়া অনুসৰি, প্ৰথমে পুষ্পকক এখন ভাৰতীয় বায়ু সেনাৰ চিনুক হেলিকপ্টাৰে ৪.৫ কিলোমিটাৰৰ উচ্চতালৈ উৰুৱাই নিছিল। সেই উচ্চতাতেই এৰি দিছিল পুষ্পকক।
তাৰ পাছত স্বয়ংক্ৰিয়ভাৱে ৰানৱেলৈ সফলতাৰে নামি আহিছিল পুষ্পক।
কি এই পুষ্পক বিমান- এই পুষ্পক হৈছে পুনৰ ব্যৱহাৰ কৰিব পৰা এক লঞ্চিং বিমান। ইয়াৰ দীঘ ৬.৫ মিটাৰ, ওজন ১.৭৫ টন । ইয়াৰ সকলোতকৈ ডাঙৰ গুণটো হৈছে ইয়াক পুনৰ ধৰাৰ বুকুলৈ আনি পুনঃ ব্যৱহাৰ কৰিব পাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ