অসম লাইভ ২৪ঃ দিল্লীত দ্বিতীয় পৰ্যায়ৰ আনলক প্ৰক্ৰিয়া আৰম্ভ। আজিৰে পৰা ৫০ শতাংশ যাত্ৰীৰে দিল্লীত চলিব মেট্ৰ’ ট্ৰেইন। যুগ্ম- অযুগ্মৰ আধাৰত বজাৰসমূহ খোলাৰো অনুমতি প্ৰদান কৰে দিল্লীৰ চৰকাৰে। দিল্লীৰ সম্প্ৰতিক কোভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। ৰাজধানী দিল্লীত হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দিল্লীত ৩৮১ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ৰোনাত। ১৫ মাৰ্চৰ পাছত বিগত দিনটোত সৰ্বনিম্ন হৈছে কোভিড সংক্ৰমণৰ ঘটনা। সুৰাৰ বিপনীসমূহো খোলাৰ অনুমতি প্ৰশাসনৰ। কিন্তু পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত বন্ধ থাকিব জিম, চিনেমা হল, বাৰ, স্পা, চেলুন, বিউটি পাৰ্লাৰ আদি। চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়সমূহ ৫০ শতাংশ কৰ্মচাৰীৰে চলোৱাৰ অনুমতি। ই-কমাৰ্চ প্লেটফৰ্মৰ ডেলিভাৰীৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে প্ৰশাসনে। বৰ্তমানেও দিল্লীত জাৰি আছে সান্ধ্য আইন। জৰুৰীকালীন সেৱাৰ বাদে অন্য বিপনীৰ ক্ষেত্ৰত পুৱা ১০ বজাৰ পৰা সন্ধ্যা ৮ বজা পৰ্যন্ত খোলাৰহে অনুমতি প্ৰদান কৰা হৈছে। উল্লেখ্য, ১৯ এপ্ৰিলৰ পৰা বলবৎ হোৱা লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে ১৪ জুন পৰ্যন্ত। শেহতীয়া উন্নত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিগত সপ্তাহৰ পৰা আৰম্ভ হৈছে আনলক প্ৰক্ৰিয়া।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ