অসম লাইভ ২৪ঃ শেহতীয়াভাৱে চৰ্চালৈ আহিছে কোভিড ভেকচিন ‘Corbevax’। হায়দৰাবাদস্থিত Biological E নামৰ কোম্পানীটোয়ে থলুৱাভাৱে উৎপাদন কৰিছে RBD প্ৰ’টিন চাব-ইউনিট ভেকচিন ‘Corbevax’। চলিত বৰ্ষতেই ভাৰতত উপলব্ধ হ’ব ‘Corbevax’। ইতিমধ্যে কেন্দ্ৰই ৩০ কোটি ড’জ ‘Corbevax’ ভেকচিন বুক কৰিছে Biological E নামৰ প্ৰতিষ্ঠানটোৰ পৰা আৰু ইয়াৰ বাবদ ভাৰতে প্ৰতিষ্ঠানটোক প্ৰদান কৰিব ১৫০০ কোটি টকা। আগষ্টৰ পৰা ডিচেম্বৰৰ ভিতৰত এই উৎপাদন সম্পূৰ্ণ কৰিব Biological E য়ে। এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা স্পষ্ট কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত দেশৰ বজাৰত উপলব্ধ হ’ব ‘Corbevax’। উল্লেখ্য যে সম্প্ৰতি উপলব্ধ কোভিড ভেকচিনসমূহতকৈ কম দামত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে এইবিধ ভেকচিন। ‘Corbevax’ৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পন্ন কৰিছে প্ৰতিষ্ঠানটোৱে। এই দুটা পৰ্যায়ৰ সফল পৰীক্ষণৰ পাছত ভাৰতত ভেকচিনবিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি লাভ কৰিছে। সম্প্ৰতি দেশত কোভাক্সিন, কোভিশ্বীল্ড আৰু স্পুটনিক-৫ এই তিনিওবিধ ভেকচিন উপলব্ধ যদিও চাহিদা অনুপাতে যোগান যথেষ্ট হোৱা নাই। কোভাক্সিনৰ পাছত দেশীয় প্ৰযুক্তিৰে উৎপাদিত দ্বিতীয়টো কোভিড ভেকচিন ‘Corbevax’য়ে ভাৰতত ভেকচিনৰ নাটনি দূৰ কৰাত কিছু সহায় কৰিব বুলি আশা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ