• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

4 months ago
ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

50 minutes ago
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

2 hours ago
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

2 hours ago
নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

4 hours ago
ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

4 hours ago
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

5 hours ago
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

7 hours ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

20 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

20 hours ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

20 hours ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

চেনেগালৰ আক্ৰমণত বিধ্বস্ত ইৰাক

editor by editor
June 27, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ-Iৰ অন্তিমখন খেলত ফ্ৰান্স আৰু চেনেগালে নিজৰ নিজৰ মেচত দুৰ্দান্ত প্ৰদৰ্শনেৰে বৃহৎ জয় লাভ কৰিছে। আমেৰিকাৰ বষ্টনত এমবাপেৰ ফ্ৰান্সে হালাণ্ডৰ নৰৱেক ৪-১ গ’লত বিধ্বস্ত কৰি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰাৰ লগতে অন্তিম-৩২ত নিজৰ স্থান নিশ্চিত কৰে। আনহাতে, চেনেগালে ইৰাকক ৫-০ গ’লৰ বিশাল ব্যৱধানত পৰাস্ত কৰি নকআউট পৰ্যায়লৈ যোৱাৰ আশা অটুট ৰাখিছে। এতিয়া চেনেগালৰ ভাগ্য অন্য গ্ৰুপসমূহৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব, যাতে শ্ৰেষ্ঠ তৃতীয় স্থানপ্ৰাপ্ত দলসমূহৰ ভিতৰত স্থান লাভ কৰিব পাৰে।

এমবাপে-হালাণ্ডৰ দৰে তাৰকাক অতিক্ৰমী ডেম্বেলেৰ হেট্ৰিক

মেচখনৰ পূৰ্বে নৰৱেৰ তাৰকা ষ্ট্ৰাইকাৰ এৰ্লিং হালাণ্ড আৰু ফ্ৰান্সৰ কিলিয়ান এমবাপেৰ মাজৰ সাম্ভাৱ্য প্ৰতিদ্বন্দ্বিতাক লৈহে অনুৰাগীৰ মাজত যথেষ্ট চৰ্চা হৈছিল। কিন্তু সাম্প্ৰতিক সময়ৰ এই দুই তাৰকাক অতিক্ৰমী মেচখনত সকলোৰে দৃষ্টি কাঢ়ি ল’বলৈ সক্ষম হয় ফ্ৰান্সৰ তাৰকা উইংগাৰ উছমান ডেম্বেলেয়ে।

ডেম্বেলেয়ে প্ৰথমাৰ্ধৰ ৭ম, ২০তম আৰু ৩২তম মিনিটত গ’ল কৰি এক অনবদ্য হেট্ৰিকৰ অধিকাৰী হয় আৰু মেচখনৰ প্ৰথমাৰ্ধতে ফ্ৰান্সক শক্তিশালী অগ্ৰগতি প্ৰদান কৰে। নৰৱেৰ হৈ ২১তম মিনিটত থিঅ’ আছগাৰ্ডে এটা গ’ল কৰি প্ৰত্যাৱৰ্তনৰ চেষ্টা চলালেও ফ্ৰান্সে সমগ্ৰ খেলখনত আধিপত্য বজাই ৰাখে। খেলৰ ইনজুৰি টাইমৰ (৯০+৪ মিনিট) সময়ত ডিজাইৰে ডুৱেই চতুৰ্থ গ’লটো দি ফ্ৰান্সৰ ৪-১ গ’লৰ জয় নিশ্চিত কৰে। এই জয়ৰ পিছতে ফ্ৰান্সে গ্ৰুপ-Iৰ শীৰ্ষস্থান অধিকাৰ কৰি অন্তিম-৩২ পৰ্যায়ত প্ৰৱেশ কৰে। আনহাতে, নৰৱেই এতিয়া নকআউট পৰ্যায়ত আইভৰী কষ্টৰ সন্মুখীন হ’ব।

চেনেগালৰ আক্ৰমণত বিধ্বস্ত ইৰাক

গ্ৰুপ-Iৰ আন এখন মেচত চেনেগালে ইৰাকক ৫-০ গলত বিধ্বস্ত কৰি অন্তিম-৩২ৰ আশা সজীৱ কৰি ৰাখিছে। কেৱল জয়েই নহয় পৰৱৰ্তী ৰাউণ্ডলৈ যোৱাৰ বাবে চেনেগালক প্ৰয়োজন আছিল এক বৃহৎ জয়ৰ। সেয়ে আফ্ৰিকান দলটোৱে এই লক্ষ্য আগত লৈয়ে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক শৈলীৰে খেল আৰম্ভ কৰে। মেচখনৰ ৪ৰ্থ মিনিটততে চেনেগালৰ হৈ হাবিব দিয়াৰাই এটা গ’লেৰে অগ্ৰগতি প্ৰদান কৰে।

ইৰাকৰ সমস্যা ১৩তম মিনিটত আৰু বৃদ্ধি যায়, যেতিয়া ৰেবিন ছুলাকাক ৰেড কাৰ্ড দেখুৱাই খেলপথাৰৰ পৰা বাহিৰ কৰি দিয়া হয়। প্ৰথমাৰ্ধত চেনেগাল মাত্ৰ ১-০ গ’লত আগবাঢ়ি থাকিলেও দ্বিতীয়াৰ্ধত দলটোৱে আৰু অধিক দুৰ্দান্ত ৰূপ লয়। চেনেগালৰ হৈ ইছমাইলা চাৰে ৫৬তম মিনিটত দ্বিতীয় গ’লটো কৰে। ইয়াৰ পিছত পাপে গুৱেই ৫৯তম আৰু ৭১তম মিনিটত দুটা গ’ল দিয়ে। ৮২তম মিনিটত ইলিমান এনদিয়ায়েই পঞ্চম গ’লটো দি ইৰাকৰ পৰাজয় নিশ্চিত কৰে। চেনেগালে ৫-০ গ’লৰ বিশাল জয়ে গ’লৰ ব্যৱধান যথেষ্ট উন্নত কৰাৰ লগতে নকআউট পৰ্যায়লৈ যোৱাৰ আশা জীয়াই ৰাখিবলৈ সক্ষম হয়। অৱশ্যে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশৰ বাবে এতিয়াও চেনেগালে অন্য গ্ৰুপৰ দলসমূহৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।
গ্ৰুপ-Iৰ চূড়ান্ত ফলাফল
ফ্ৰান্সে তিনিওখন খেলতে দৃষ্টিনন্দন প্ৰদৰ্শন আগবঢ়াই গ্ৰুপ পৰ্যায়ৰ শীৰ্ষস্থান দখল কৰিছে। আনহাতে, হালাণ্ডৰ নৰৱেই দুখন মেচত জয়লাভেৰে গ্ৰুপ Iৰ দ্বিতীয় স্থানত আছে। এই দুয়োটা দলে অন্তিম-৩২ স্থান লাভ কৰাৰ বিপৰীতে ইৰাকৰ বিৰুদ্ধে বৃহৎ জয়ৰ সুবাদত চেনেগাল তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে চেনেগালৰ নকআউট পৰ্যায়লৈ যোৱাৰ ভাগ্য এতিয়া অন্য গ্ৰুপসমূহৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা
বিশ্ব

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

November 1, 2026
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?
বিনোদন

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

October 31, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতৰ পৰা আহিছে দুঃখবৰ!

October 31, 2026
মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!
বিবিধ

মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!

October 31, 2026
Next Post
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ'ল ডাঃ মাহৰাঙৰ!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.