অসম লাইভ২৪ঃ মাত্ৰ ১১ দিন পাছতেই অযোধ্যাত নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ৰাম মন্দিৰ। এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ অৱশেষত আমন্ত্ৰণ লাভ কৰে গেৰুৱা শিবিৰৰ লৌহমানৱ লালকৃষ্ণ আদৱানীয়ে। ৰামমন্দিৰ আন্দোলনৰ তেওঁ পুৰোধা ব্যক্তি। সংবাদ মাধ্যমে এই অনুষ্ঠানত উপস্থিত থাকিবনে বুলি কোৱা প্ৰশ্নৰ উত্তৰত আদৱানী কৈছে এটাই কথা, ‘ৰামমন্দিৰ বিধিৰ লিখন।’
লালকৃষ্ণ আদৱানীৰ মতে অযোধ্যাৰ ৰামমন্দিৰ নিয়তিৰ নিৰ্ধাৰিতই আছিল। আদৱানীয়ে কয়, ‘সেই সময়ত অৰ্থাৎ ১৯৯০ চনৰ ছেপ্টেম্বৰ মাহত ৰথ যাত্ৰা কৰিছিল বিজেপি নেতৃবৃন্দই। আমি বুজিছিলো নিয়তিয়ে যি সিদ্ধান্ত লৈছে সেয়া হ’বই। অযোধ্যাত ৰাম মন্দিৰ নিশ্চয় নিৰ্মাণ হ’ব। আমি মাত্ৰ সময়ৰ অপেক্ষা কৰিছিলো। ৰথ যাত্ৰা আৰম্ভ কৰাৰ কেইদিনমানৰ ভিতৰতেই অনুভৱ কৰিছিলো, আমি কেৱল ৰথচালকহে। প্ৰকৃত বাৰ্তা দিছিল যাত্ৰাই।’
এই ৰথযাত্ৰাক লৈ উত্তাল হৈ পৰিছিল সমগ্ৰ দেশ। ইয়াৰপাছতেই কৰসেৱকসকলৰ আৱেগৰ বিস্ফোৰণৰ ফলত ধ্বংস কৰা হয় বাবৰি মছজিদ। উচ্চকম ন্যায়ালয়ৰ নিৰ্দেশত আজি আযোধ্যাত ৰাম মন্দিৰ গঢ়ি উঠিল। অথচ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত ৰাম মন্দিৰ তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে লালকৃষ্ণ আদৱানীক আমন্ত্ৰণ জনাব খোজা নাছিল। শেহতীয়াকৈ তেওঁক আমন্ত্ৰণ জনোৱা হ’ল। বিশ্ব হিন্দু পৰিষদে আদৱানীক অযোধ্যালৈ লৈ যোৱাৰ বাবে সকলো ব্যৱস্থাই কৰিছে। হয়তো ৯৬ বছৰীয়া এইগৰাকী বৃদ্ধ নেতাক দেখা যাব ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ