বছৰৰ শেষত সুখবৰ৷ মাতৃ হ’ল হিন্দি চিৰিয়েলৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য৷ তেওঁক গোপী বহু বুলিয়েই বেছিসংখ্যকে জানে৷ কেইবছৰ মান পূৰ্বে তেওঁ শৰীৰ চৰ্চাবিদ শ্বেহনাৱাজ শ্বেখক বিয়া কৰাইছে৷ বিবাহৰ দুবছৰৰ পাছতেই সুখবৰ দিছে অভিনেত্ৰী দেৱলীনাই৷ নায়িকাৰ লৰা নে কন্যা সন্তান জন্ম হ’ল সেই কথাও তেওঁ ইনষ্টাগ্ৰামযোগে জনাইছে৷ ১৯ ডিচেম্বৰ বৃহস্পতিবাৰে এই সুখবৰ জনাইছে নায়িকাই৷
ইনষ্টাগ্ৰামত দেৱলীনাই লিখিছে, ‘সকলোৰে সৈতে সুখেৰে এই খবৰ ভগাই লৈ খুব ভাল লাগিছে৷ ১৮ ডিচেম্বৰত আমাৰ এটি পুত্ৰসন্তান হৈছে৷’ এখন ডিজিটেল কাৰ্ডত পোষ্ট কৰিছে তেওঁ৷ তাতেই আছে বেবি কটৰ ছবি৷ যি ছবিত দেখা গৈছে তিনিখন হাত৷ কেপশ্ব্যনত তেওঁ লিখিছে, ‘আমাৰ সৰু বেবি বয় এঞ্জেলে এই বিশ্বক হেল্ল কৈছে…!’ নায়িকাৰ পোষ্টত দেখা গৈছে বহু শুভেচ্ছাবাৰ্তা৷
উল্লেখ্য যে জিম ট্ৰেইনাৰক বিয়া কৰাই বহু বিতৰ্কও হৈছিল তেওঁৰ৷ মুছলমান ট্ৰেইনাৰক বিয়া কৰাক লৈ বিস্তৰ কটাক্ষ শুনা পাইছিল তেওঁ৷ তেওঁলোকৰ বিবাহক লাভ জেহাদ বুলিও বহুতে কৈছিল৷ অৱশ্যে কোনো কথাতেই গুৰুত্ব দিয়া নাছিল অভিনেত্ৰীগৰাকীয়ে৷ চলিত বছৰৰ ১৫ আগষ্টত সন্তান আহিব বুলি সুখবৰ দিছিল তেওঁ৷ ছাহনাৱাজৰ সৈতে বিয়া কৰালেও ধৰ্ম পৰিবৰ্তন কৰা নাই দেৱলীনাই৷ আনকি তেওঁৰ ঘৰত হিন্দু ৰীতি মানি পঞ্চামৃত অনুষ্ঠানো পতা হৈছিল৷ সেই ছবি দিয়েই সন্তান অহাৰ সুখবৰ সকলোকে দিছিল গোপী খ্যাত দেৱলীনাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ