আই পি এলৰ পৰা সকলোতকৈ ডাঙৰ খবৰ, চি এছ কেৰ অধিনায়ক পদ এৰিলে ধোনীয়ে
চলিত আই পি এলৰ পৰা আহিল সকলোতকৈ ডাঙৰ খবৰ। ২০২৪ ৰ আই পি এল আৰম্ভ হবলৈ মাজত আৰু মাথো কেইটামান ঘণ্টা বাকি থকা অৱস্থাত আহিল এক চাঞ্চল্যকৰ খবৰ।
অনুৰাগীক নিৰাশ কৰি চেন্নাই ছুপাৰ কিংগছ দলটোৰ অধিনায়কত্ব এৰিলে মহেন্দ্ৰ সিং ধোনীয়ে। আৰম্ভণিৰে পৰা দলটোৰ কেপ্টেইন হৈ থকা ধোনীয়ে এইবাৰ ল’লে এই বিশেষ সিদ্ধান্ত।
হয়তো এয়াই হব ধোনীৰ শেষৰখন আই পি এল। ইতিমধ্যে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় সকলো ক্ৰিকেটক বিদায় দিছে ধোনীয়ে। অৱসৰৰ পাছত কেৱল খেলিছিল আই পি এল।
এতিয়া ধোনীৰ ঠাইত চি এছ কে দলটোত অধিনায়কৰ স্থানত দেখা যাব দক্ষ বলাৰ ৰুতুৰাজ গাইকোৱাড় (Ruturaj Gaikwad)ক।
আই পি এলৰ আনুষ্ঠানিক সামাজিক মাধ্যম যোগে সদৰি কৰা হৈছে এই খবৰ। ইয়াৰ পূৰ্বে ২০২২ চনতো দলৰ অধিনায়কত্ব এৰি দিছিল ধোনীয়ে। সেইবাৰ ৰবীন্দ্ৰ জদেজাই দলৰ গুৰি বঠা ধৰিছিল, পাছে দলটোৰ প্ৰদৰ্শন বেয়া হোৱাত চিজনটোৰ মাজতে পুনৰ নিজৰ হাতলৈ নিছিল অধিনায়কত্বৰ ৰছী।
তাৰ পাছতে এইবাৰ ২০২৪ৰ ছিজনৰ আৰম্ভণীতে দলৰ অধিনায়ক পদ এৰাৰ কথা ঘোষণা এম এছ ধোনীৰ। অৱশ্যে অধিনায়ক পদ এৰিলেও দলৰ লগত থাকিব ধোনী। তাৰ মাজতে অনুৰাগীৰ আশা পূৰ্বৰবাৰৰ দৰে এইবাৰো পুনৰ অধিনায়ক হিচাপে দেখা পাব প্ৰিয় খেলুৱৈগৰাকীক।
উল্লেখ্য যে, ধোনীৰ নেতৃত্বতে চেন্নাই ছুপাৰ কিংগছে এবাৰ দুবাৰ নহয়, সৰ্বমুঠ ৫ বাৰকৈ আই পি এলৰ খিতাপ দখল কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ