ৰৌতাৰ এনকাউণ্টাৰত নিহত ডিম্বেশ্বৰ মুছাহাৰীৰ বিষয়ে পুলিচৰ হাতত কি তথ্য আছিল? যদি মৃত্যু ডিম্বেশ্বৰৰ হৈছিল তেন্তে ক’ত হেৰাল কেনাৰাম? কেনাৰাম বসুমতাৰীৰ দৰে ডিম্বেশ্বৰ মুছাহাৰীও আছিল এটা দুৰ্ধৰ্ষ ডকাইত৷ ৰৌতাৰ এনকাউণ্টাৰক লৈ ৰহস্য অব্যাহত থকাৰ সময়তে ডিম্বেশ্বৰ সন্দৰ্ভত আৰক্ষীৰ এই দাবী৷ ২০২০ চনত ৰঙিয়াত সংঘটিত হোৱা এক ডকাইতিকাণ্ডত জড়িত আছিল ডিম্বেশ্বৰ৷ ২০২১ চনত বাশবাৰীত হোৱা ডকাইতিকাণ্ডত কেনাৰাম বসুমতাৰীৰ সহযোগী আছিল ডিম্বেশ্বৰ৷ ইতিমধ্যে কেনাৰাম বসুমতাৰীৰ বুলি সমাধিস্থ হোৱা মৃতদেহ খান্দি উলিয়ায় dna পৰীক্ষা কৰা হৈছে৷ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়েও৷ আৰক্ষীৰে হোৱা এনকাউণ্টাৰটোত আহত হৈছিল দুজনকৈ আৰক্ষী৷ অৰ্থাৎ ডিম্বেশ্বৰৰ ফালৰ পৰাও গুলীচালনা হৈছিল প্ৰকাশ আৰক্ষীৰ৷ এনে প্ৰেক্ষাপটত ডিম্বেশ্বৰৰ ক্ৰিমিনেল ৰেক’ৰ্ড চালি-জাৰি চাইছিল আৰক্ষীয়ে৷ ইয়াৰ পাছতে কেনাৰামৰ দৰেই ডিম্বেশ্বৰো কেইবাটাও অপৰাধত জড়িত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে৷ কেনাৰামৰ পৰিৱৰ্তে ডিম্বেশ্বৰ নিহত হোৱাৰ পাছতে সমগ্ৰ এনকাউণ্টাৰটোক লৈ প্ৰশ্ন উত্থাপন হৈছিল বিভিন্ন মহলত৷ শেহতীয়াভাৱে আৰক্ষীয়ে সদৰী কৰিছে ডিম্বেশ্বৰৰ ক্ৰিমিনেল ৰেক’ৰ্ড৷ gmchত সম্পন্ন হোৱা dna টেষ্টত যদিহে মৃতদেহটো ডিম্বেশ্বৰৰ হয় তেতিয়াহ’লে স্বাভাৱিকতে উত্থাপন হ’ব সেই একেটাই প্ৰশ্ন- ডিম্বেশ্বৰক বলিৰ পঠা সজাই ক’ত অন্তৰ্ধান হ’ল কেনাৰাম বসুমতাৰী?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ