অসম লাইভ২৪ঃ শিল্পী নীলপৱন বৰুৱাৰ বিয়োগত ৰাজ্যজুৰি শোকৰ ছাঁ৷ শনিবাৰে অৰ্থাৎ আজি ৰাজ্যিক মৰ্যাদায়ে অন্তেষ্টিক্ৰিয়া সম্পন্ন হ’ব শিল্পীগৰাকীৰ৷ পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰেমিকজন আজি পঞ্চভূতত বিলীন হ’ব৷ নীলপৱন বৰুৱাৰ মৃত্যুৰ লগে লগেই সামাজিক মাধ্যমত বিভিন্নজনে দিছে প্ৰিয় শিল্পীগৰাকীক লৈ বিভিন্ন পষ্ট৷ এটা বিশেষ লেখাই এতিয়া দৃষ্টি কাঢ়িছে বহু নেটিজেনৰ৷
উৎপল শিৱম নামৰ এগৰাকী ইউজাৰে নীলপৱন বৰুৱা শ্ৰদ্ধা নিবেদন কৰি লিখিছে, ‘আজি পুৱাৰ পৰাই দীপালী বাইদেওৰ গাত ত’ত নাই। পুৱাই গা পা ধুই দীঘল চুলিটাৰিত সুগন্ধি তেল অকণ সানি মাজেদি সেঁওতা ফালি ফণীয়াই ঢিলাকৈ বান্ধিছে খোপাটো। শিৰত ৰঙাকৈ সেন্দুৰকণ সানি কপালত আঁকি লৈছে ৰক্তজবা। বাৰে বাৰে গৈ ডাৱৰৰ ফাকেদি জুমি জুমি চাইছেগৈ বৈতৰণীৰ পাৰলৈ… আজি যে তেওঁ অহাৰ কথা।
‘সময় পালে আমাৰফালে এবাৰ আহি যাবা’ গীতটি গুণগণাই গাই গাই বাইদেৱে বাৰে বাৰে আইনাত মুখ খন চাইছে, এইযে পাবহি হৈছে তেওঁৰ। তেওঁৰ যুগমীয়া প্ৰেমিক ‘চেনাই নীলপবন’ এই আহি পাইহিহে লাগে। সুদীৰ্ঘ চাৰিটা বছৰ দেখা-দেখি নাই আজন্ম প্ৰেমিক যুগলৰ; আজিহে তেওঁ সময় পালে আহিবলৈ। আজি আহিব তেওঁ কাহানিও ঘূৰি নোযোৱাকৈ।
মেঘাচ্ছন্ন পদূলিয়েদি হটঙা মানুহ এজন পাৰ হৈ আহিছে… সমগ্ৰ দেহতে সতেজ নাৰ্জীৰ গোন্ধ। ঘিঁ আৰু অৰ্ঘ্যৰ পবিত্ৰ গোন্ধৰে মহমহাই আহিছে মানুহজনৰ দেহৰ পৰা বৈ অহা বতাহজাক। শুভ্ৰ সাঁজত খৰখোজেৰে আগুৱাই অহা মানুহজনে দীপালী বাইদেওলৈ চাই চকু টিপিয়াই হাঁহিলে।
দিপালী বাইদেৱে দেখিয়াই চিনি পালে তেওঁক, নিপন, তুমি আহিলা? আমাৰ এওঁ কিমান সময়ত আহিব খবৰ পোৱা নেকি?’ হটঙা মানুহজনে ক’লে, ‘আহিব ওলাইছে বাইদেও, শেষৰ প্ৰশ্বাসবোৰ লৈ আছে। মোৰ পাছে পাছে পাইহিহে লাগে!’
দীপালী বাইদেওৰ দেহাৰ মাজেদি এচমকা আবেগে জোকাৰি গ’ল। কিছু সময়ৰ পাছতেই যে আহি হাতখনত ধৰিবহি তেওঁৰ আজন্ম চিৰন্তন প্ৰেমিক নীলপবন বৰুৱাই। এচাটি শীতল প্ৰবাহে বাইদেওৰ আচলখন জোকাৰি গ’ল। এই ইংগিততে তেওঁ বুজিলে যে ইতিমধ্যে চিৰাচৰিত প্ৰেমিকজনৰ নশ্বৰ দেহ ত্যাগ হ’ল। খৰখেদাকে তেওঁ আকাশৰ পদুলিত পাৰি দিলে এখিলা আগলতি পাত। তাতেই আহি ভৰিটো থৈ তেওঁ যে এই আহি লগাবহি মাত।
আজি আকাশত দুটি তৰাই বৰ চঞ্চলকৈ নাচিছে। চাওকচোন আকাশলৈ মূৰ তুলি…আকাশখন এখনি কেনভাছ আৰু বতাহজাক এক চিনাকী সুৰ যেন লাগিছে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ